অকণিৰ অলং-দলং

আজি  মঙলদৈৰ ৰামেশ্বৰ বিদ্যা মন্দিৰত শিশুৰ মনৰ যোগ-বিয়োগ আৰু আনন্দদায়ক প্ৰতিভা বিকাশৰ লক্ষ্য আগত ৰাখি  ' অকণিৰ অলং-দলং '  নামেৰে শনি-দেওবৰীয়া অকণিৰ চ'ৰা এটিৰ কাম আৰম্ভ ।

অকণিৰ অলং-দলং
অকণিৰ অলং-দলং

আজি  মঙলদৈৰ ৰামেশ্বৰ বিদ্যা মন্দিৰত শিশুৰ মনৰ যোগ-বিয়োগ আৰু আনন্দদায়ক প্ৰতিভা বিকাশৰ লক্ষ্য আগত ৰাখি  ' অকণিৰ অলং-দলং '  নামেৰে শনি-দেওবৰীয়া অকণিৰ চ'ৰা এটিৰ কাম আৰম্ভ ।

সংবাদ ডিজিটেল ১২ নবেম্বৰ:আজি  মঙলদৈৰ ৰামেশ্বৰ বিদ্যা মন্দিৰত শিশুৰ মনৰ যোগ-বিয়োগ আৰু আনন্দদায়ক প্ৰতিভা বিকাশৰ লক্ষ্য আগত ৰাখি  ' অকণিৰ অলং-দলং '  নামেৰে শনি-দেওবৰীয়া অকণিৰ চ'ৰা এটিৰ কাম আৰম্ভ ।

ৰামেশ্বৰ বিদ্যা মন্দিৰৰ আকাংক্ষা অতিক্ৰম কৰি প্ৰায় ৮০ গৰাকী ভিন ভিন বিদ্যালয়ত/মাধ্যমত অধ্যয়নৰত শিশুৱে অংশ ল'লে।  ৰামেশ্বৰ বিদ্যা মন্দিৰৰ উদ্দেশ্যৰ  শ্ৰদ্ধাশীল পিতৃ-মাতৃসকলে এটা নতুন আশা বুকুত লৈ আজি আহিছিল।

এই সহযোগিতাই ৰামেশ্বৰ বিদ্যা মন্দিৰৰ লগতে শিশু কাননৰ দায়বদ্ধতা দুগুণে বঢ়ালে বুলি আনুভৱ কৰিছে উদ্যক্তাসকলে।

মুকলি গোহাৰিখনত উল্লেখ কৰা প্ৰতিটো কাম ঢাপে ঢাপে আগুৱাই নিবলৈ সংকল্প লোৱা হ'ল।

এগছী বন্তি জ্বলাই অকণিহঁৰ প্ৰতি আশীৰ্বাদসূচক বক্তৃতা প্ৰদান কৰিলে অৱসৰী প্ৰবক্তা তৰূণ শৰ্মাদেৱে।

তেখেতৰ বক্তৃতাৰ এৰি অহা দিনবোৰৰ এখন সুন্দৰ চিত্ৰ পৰিস্পুত  হ'ল।

একালত  বামুণপাৰাত 'সাতসৰী মইনা পাৰিজাত' ৰ জন্ম দি শিশুসকলক আকাশলৈ চাবলৈ অনুপ্ৰেৰণা যোগোৱা প্ৰয়াত চাৰু দেৱী বাইদেউৰ স্বামী,

সু-বক্তা/ সু-লেখক পবিত্ৰ কুমাৰ শৰ্মাদেৱে আজিৰ অতিথিৰ আসনৰ পৰা মূল্যবান কথাৰে অনুষ্ঠানটিলৈ শুভকামনা যাচিলে।

মঙলদৈৰ পৌৰসভাৰ সন্মানীয় সভানেত্ৰী , নিৰ্মালী দেৱী শৰ্মা বাইদেউ উপস্থিত থাকি মইনাহঁতক হাস্য ৰসৰ অভিনয় কৰি দেখুৱালে।

পৌৰসভাৰ উপ সভাপতি, অচ্যুত চন্দ্ৰ দাস ডাঙৰীয়াৰ উপস্থিতি আৰু বক্তব্যও আনুষ্ঠানটিৰ অন্য সংযোজন আছিল। অনষ্ঠানটিৰ গুৰি ধৰাৰ দায়িত্ব দিয়া হৈছিল পদুম নাথ ডাঙৰীয়াক।

সংগীতৰ মাধ্যমেৰে নেওতাৰ চৰ্চা আৰু মাজে মাজে অকণিহঁতে ভাল পোৱা কেবাটাও ক্ৰিয়া-কলাপৰ লগতে শিশু কানৰ  নিজা সংগীতেৰে সামৰণি পৰে অনুষ্ঠানটো।