শিশু দিৱসৰ লগত সংগতি ৰাখি ছিপাঝাৰত কুইজ প্ৰতিযোগিতা সম্পন্ন।
শিশু দিৱসৰ লগত সংগতি ৰাখি ছিপাঝাৰত কুইজ প্ৰতিযোগিতা সম্পন্ন।
শিশু দিৱসৰ লগত সংগতি ৰাখি
ছিপাঝাৰত কুইজ প্ৰতিযোগিতা সম্পন্ন।
মন্ডল সমল কেন্দ্ৰ সমন্বয়কৰ প্ৰচেষ্টা।
সংবাদ ডিজিটেল ১১ নবেম্বৰ : ছিপাঝাৰ:ছিপাঝাৰ শিক্ষা খন্ডৰ অন্তৰ্গত ঢেকীপাৰা আৰু ঘোঁৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি সমাগত শিশু দিৱসৰ লগত সংগতি ৰাখি ছিপাঝাৰ একাডেমী প্ৰাঙ্গণত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।দুয়োটা মন্ডল সমল কেন্দ্ৰৰ দহখন প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৩০টা দলে উক্ত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
ঢেকীপাৰা আৰু ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা ৰ উদ্যোগত অনুষ্ঠিত উক্ত কুইজ প্ৰতিযোগিতা খনি উদ্ধোধন কৰে ছিপাঝাৰ একাডেমী ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা বৰ্তমান ছিপাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ জেষ্ঠ শিক্ষক নীলকান্ত বড়াদেৱে।তেখেতে ছাত্ৰ-ছাত্ৰী ৰ পাঠ্যক্ৰম ৰ বাহিৰেও অন্যান্য বিষয়ৰ জ্ঞানৰ বিকাশৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰ জৰিয়তে এই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰাৰ লগতে ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ জিজ্ঞানু মনৰ উৎসুকতা বৃদ্ধি পাব বুলি মত প্ৰকাশ কৰে। কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে ডুমুনীচকী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হকে।
ছিপাঝাৰ শিক্ষা খন্ডৰ প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱীয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য ৰাখে।তেওঁ ছাত্ৰ ছাত্ৰী সকলক এনেদৰে প্ৰতিযোগিতা বিলাকত অংশগ্ৰহণ কৰি নিজৰ দক্ষতা বঢ়োৱাৰ বাবে আহ্বান জনায়।।গণেশকুৱৰী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বন্তিয়ুৰ ৰহমান ,মুছলিমঘোপা বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী বাবলি দেৱী, , ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী নিভা ডেকা মহন্ত আৰু ১৭৭নং বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী হেমলতা কলিতাই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰাত সহযোগিতা আগবঢ়ায়।
কুইজ প্ৰতিযোগিতাত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ অভিনৱ শইকীয়া আৰু ৰাজদ্বীপ নাথে প্ৰথম স্থান, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ মনদ্বীপ বনিয়া আৰু কংকন বৰুৱাই দ্বিতীয় স্থান আৰু ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ দ্বিপশ্ৰী শৰ্মা আৰু তৃতীক্ষা শৰ্মাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। শতাধিক ছাত্ৰ ছাত্ৰী ,শিক্ষক ,অভিভাৱক উপস্থিত থকা অনুষ্ঠানত ছিপাঝাৰ শিক্ষা খন্ডৰ কৰ্মচাৰী ইনজামামূল হক, ব্যাসপাৰা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতিৰ্ময় নাথ, ছিপাঝাৰ শিক্ষা খন্ডৰ আই ই সমল ব্যক্তি অৰ্চনা ডেকা , প্ৰমূখে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত বিজয়ী ছাত্ৰ ছাত্ৰী সকলক গ্ৰন্থৰ টোপোলা আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয়।