ছিপাঝাৰত অসম বিজ্ঞান দিৱস পালন
ছিপাঝাৰত অসম বিজ্ঞান দিৱস পালন
*ছিপাঝাৰত অসম বিজ্ঞান দিৱস পালন*
সমাজ উন্নয়ন আৰু বিজ্ঞান মানসিকতা বিষয় বস্তুক আলোচ্য বিষয় হিচাপে লৈ 'অসম বিজ্ঞান সমিতি ছিপাঝাৰ শাখাই' আজি স্থানীয় এক্সেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত 'অসম বিজ্ঞান দিৱস' পালন কৰে।
১৯৫৭ চনৰ ১৩ ফেব্ৰুৱাৰীত জন্ম হোৱা অসমৰ অতি পুৰণি বিজ্ঞান সংগঠন "অসম বিজ্ঞান সমিতিৰ" প্ৰতিষ্ঠা দিনটো সমিতিয়ে অসম বিজ্ঞান দিৱসৰূপে পালন কৰি আহিছে। সেইমৰ্মে আজি ছিপাঝাৰ শাখাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ অক্ষয় কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত এক্সেলৰ অধ্যক্ষ ৰফিকউদ্দিন আহমেদে সমাজত চলি অহা বিভিন্ন কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত আলোকপাত কৰে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক সকলো কথাকে বিজ্ঞানৰ দৃষ্টিৰে চালি-জাৰি চাইহে গ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিজ্ঞান সদায় পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ , সত্যাসত্য নিৰূপণ আৰু প্ৰামাণিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। কাৰণ নোহোৱাকৈ কোনো ঘটনা নঘটে। সকলো ঘটনাৰ আঁৰত কাৰণ বিদ্যমান; সেয়ে তেওঁ যুক্তিৰে সকলো কথাকে চাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। সভাৰ আৰম্ভণিতে বিজ্ঞান কৰ্মী তথা ৰাজ্যিক কৃতী বঁটাপ্ৰাপ্ত শিক্ষক হিৰণ্য কুমাৰ নাথে বিজ্ঞান ভিত্তিক কেইবাটাও যাদু প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক আমোদ দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা।
ছিপাঝাৰ শাখাৰ যুটীয়া সম্পাদক ইকবাল ৰছিদ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত একুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান লাভ কৰা ছাত্ৰীসকল হ'ল ক্ৰমে তন্ময়ী কলিতা, চিন্ময়ী কলিতা আৰু হাচনাহাৰা বেগম। সভাখনত সমিতিৰ কৰ্মী দিলীপ কুমাৰ শইকীয়াৰ লগতে সংশ্লিষ্ট বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।