অসমীয়া সমাজ জীৱনত কাতি বিহু আৰু প্ৰচলিত লোক বিশ্বাস

অসমীয়া সমাজ জীৱনত কাতি বিহু আৰু প্ৰচলিত লোক বিশ্বাস
-------------------------------------------------
অসমীয়া সমাজত বিহু তিনিটা বুলি আমি সকলোৱে জানো আৰু ইয়াক আমি পালনো কৰি আহিছো। ব'হাগ বিহু ৰঙালী,মাঘ বিহু ভোগালী আৰু কাতি বিহু কঙালী বিহু বুলি অতীতৰে পৰা প্ৰচলিত হৈ আহিছে।উপৰিউক্ত তিনিটা বিহুৰ ভিতৰত কাতি বিহুৰ ৰং- উৎসৱৰ ফালৰ পৰা অন্য দুটা বিহুতকৈ সাধাৰণতে কম।
শৰৎকালত উদযাপিত অন্যান্য উৎসৱৰ দৰে কাতি বিহুৰ আয়োজনকলৈ বিশেষ গুৰুত্ব নিদিলেও গ্ৰাম্য সমাজত ইয়াৰ ঐতিহ্য আছে।অকালত পৰা দৰিদ্ৰ কৃষকৰ ভঁৰাললৈ লখিমীক আদৰাৰ পৰ্ব কাতি বিহু।কঠোৰ শ্ৰম,ঘামৰ বিনিময়ত জীপাল হৈ উঠা শস্যৰ মংগল কামনা কৰিবলৈ এই বিহু আয়োজন কৰা হয়।
কাতি বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। অসমীয়া সমাজত এই বিহুক সীমিত আকাৰে অতীতৰে পৰা পালন কৰি আহিছে।আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়।এই বিহুত অসমীয়া সকলে নিজৰ ঘৰ-বাৰী, পদূলি,,গোহালি আদি সকলো বিলাক ঠাই পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখে।এনে কৰিলে শস্যৰ ৰাণী লক্ষ্মী দেৱীয়ে গৃহস্থৰ ঘৰত প্ৰবেশ কৰে বুলি লোক বিশ্বাস আছে। আনহাতে কাতি বিহুৰ দিনা প্ৰতিঘৰ মানুহৰ ঘৰৰ চোতালৰ আগত মাটিৰে ভেটি কৰি তাত তুলসী ৰোপণ কৰি মচি তথা চাফ চিকুণ কৰি সন্ধিয়া সেই তুলসীৰ তল, গোঁসাইঘৰ,ঢেঁকীশাল,গোহালি আদিত চাকি জ্বলোৱা হয়।এই চাকি জ্বলোৱাৰ কাৰণে শস্য পথাৰ অনিষ্ট,অপচয় আদি হোৱাৰ পৰা ৰক্ষা পৰে বুলি প্ৰচলিত লোক বিশ্বাস আছে। আনহাতে বিহুৰ দিনা ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাচিখন লৈ ধাননি পথাৰখন এপাক চাই তিনিখন থুৰীয়া তামোল আগলি কলপাতত আগবঢ়াই ধাননি পথাৰত সেৱা কৰি লখিমীদেৱীক ঘৰলৈ আমন্ত্ৰণ জনায়। সন্ধিয়া সময়ত শস্যৰ পথাৰত বাঁহৰ গোঁজ মাৰি মাটিৰ চাকি জ্বলাই সেৱা জনায়। ভঁৰাল ঘৰৰ এটা দুনৰিত কেঁচা পিঠাগুৰি,কল,থুৰীয়া তামোল,এঘটি পানীৰে সৈতে মাটিৰ চাকি জ্বলাই লখিমী আইলৈ সেৱা জনাই উৰ্চগা কৰে। সেইদিনা আই লখিমী অহাৰ বাবে পথ পোহৰাই তুলিবলৈ পদূলি মুখ,ঢেঁকীশাল, গোসাঁইঘৰ,দুৱাৰমুখ আদিত মাটিৰ চাকি জ্বলাই পোহৰাই তোলা হয়। পথাৰতো সন্ধিয়া আকাশবন্তি জ্বলোৱা হয়।
এই বিহু জনজাতি সকলৰ মাজতো দেখা যায়। বড়ো,মিৰি,দেউৰী আদি বিভিন্ন জনজাতি লোক সকলেও পৰম্পৰাগত ভাবে এই বিহু উদযাপন কৰে।ৰাভা সকলে এই বিহু 'কাতিগাছা' হিচাপে পালন কৰে। তেওঁলোকে সমগ্ৰ কাতি মাহটোৱেই আকাশবন্তি জ্বলাই।কাতি বিহুত শস্যৰ পথাৰত বন্তি জ্বলোৱা বা আকাশবন্তি জ্বলোৱাৰ তাৎপৰ্য আছে।ধৰ্মীয় পৰম্পৰা অনুসৰি কাতি মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰি লক্ষ্মীদেৱীক আমন্ত্ৰণ কৰে।ইয়াৰ আকৌ বৈজ্ঞানিক দৃষ্টিভংগীও নথকা নহয়।যিহেতু আহিন -কাতি মাহত ধানবোৰ থোক মেলিবলৈ আৰম্ভ কৰে।সেই সময়ত পোক পৰুৱা,কীট পতংগ আদিৰ আক্ৰমণ বৃদ্ধি পায়।এনে সময়ত আকাশবন্তি দ্বাৰা এই কীট পতংগ সমূহ জুইত জাহ যোৱাৰ ফলত ধাননি ডৰা ৰক্ষা পৰে।
কাতি মাহ হিন্দু শাস্ত্ৰমতে পবিত্ৰ মাহ।ভৰ বাৰিষা সময়ত হৰি শয়ণত থাকে, আহিনৰ শেষৰ দিনটোত সাৰ পোৱাৰ লগতে অন্য দেৱ-দেৱীও মানুহৰ পৰা নৈবেদ্য গ্ৰহন কৰিবলৈ পৃথিৱীলৈ নামি আহে।সেয়ে কাতি বিহুৰ দিনাৰ পৰাই ধৰ্মীয় চিন্তা চৰ্চা, ধৰ্মশাস্ত্ৰ,ঈশ্বৰ চিন্তাত মগ্ন হৈ পৰে।কাতি বিহুৰ দিনা অসমীয়াই তুলসীৰ তলত বন্তি জ্বলাই। চুবুৰীয়ে চুবুৰীয়ে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি কৰি তোলে।এনে কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা উপবাস পালন কৰা হয় ।মুঠতে অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ প্ৰাসংগিকতা কোনো গুনে কম নহয়। অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজ জীৱনৰ পৰিচয় দাঙি ধৰিছে।
মঃইন্দাদুল হক, ছিপাঝাৰ
৮৬৩৮৫৭৪৬৩৩