বড়িগাঁৱত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন
বড়িগাঁৱত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন
বড়িগাঁৱত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন
। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙ জিলাৰ দেওমৰনৈৰ সমীপৰ বড়িগাঁৱত বৰবড়ি দেউল সমিতিৰ উদ্যোগত আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন হয়। মাননীয় শ্ৰী নিপাঙ্ক শৰ্মাক সভাপতি আৰু মাননীয় শ্ৰী পুষ্কৰ জ্যোতি শৰ্মাক সম্পাদক হিচাপে লৈ গঠিত সমিতি খনে ভক্তপ্ৰাণ ৰাইজক আদৰনি জনায়।
কাৰ্যসূচী অনুযায়ী ৰাতিপুৱা সামূহিক চাফাই, মুৰ্তি স্থাপন,পূজা আৰম্ভৰ পিছতে হোম যজ্ঞ,নাম কীৰ্তন,যানবাহন শান্তি আৰু সেৱা - নিৰ্মালী গ্ৰহণ কাৰ্যসূচী ৰূপায়ন হয়।বড়িগাৱৰ বৰবড়ি বিশ্বকৰ্মা মন্দিৰত অনুষ্ঠিত পূজা ভাগিত অগণন ভক্তৰ সমাবেশ হোৱা পৰিলক্ষিত হয়।