কৃষকসকলৰ অভিযোগ, কমলাখেতিত চৰকাৰৰ নাই সহযোগিতা।

আহিছে কমলা টেঙাৰ বতৰ।  

বৰ্তমান অসমৰ সিংহভাগ বজাৰ দখল কৰিছে অৰুণাচলৰ কমলাই। কৃষকসকলৰ অভিযোগ, কমলাখেতিত চৰকাৰৰ নাই সহযোগিতা।

স্থানীয় কৃষকৰ পৰা লীজত লৈছে হেজাৰ হেজাৰ বিঘা ভূমিৰ কমলাৰ বাগান। 

ইতিমধ্যে একাংশ অসমীয়া পাইকাৰী ব্যৱসায়ীয়ে বাহৰ পাতিছে অৰুণাচলৰ বিভিন্ন জিলাত।

অৰণাচলৰ পূৱ কামেং জিলাৰ বানা অঞ্চলতো কৃষকসকলে দেখিছে লাভৰ আশা।

অনেক সমস্যাৰ মাজত আশাকৰা ধৰণে যথেষ্ট উৎপাদন কৰিও লাভৱান হ'ব পৰা নাই স্থানীয় কৃষকসকল।

কৃষকসকলৰ অভিযোগ, কমলাখেতিত চৰকাৰৰ নাই সহযোগিতা। গুৰুত্ব নিদিয়ে উদ্যানশস্য নাইবা কৃষি বিভাগে।

বানা অঞ্চলত থকা হেজাৰ হেজাৰ বিঘা ভূমিৰ বাগানৰ কমলা ইতিমধ্যে বিক্ৰী কৰিছে অসমৰ ব্যৱসায়ীক।
বিজ্ঞানসন্মত কৃষিৰ বাবে নাই কোনো প্ৰশিক্ষণৰ ব্যৱস্থা। বানা অঞ্চলৰ বাগানসমুহত নাই যাতায়তৰ সু-ব্যৱস্থা। নাই উপযুক্ত বজাৰ।


ইয়াৰ মাজতে এইবাৰ অসমৰ পৰা যোৱা পাইকাৰী ব্যৱসায়ীৰ পৰা কিছু লাভান্বিত হোৱা বুলি মত ব্যক্ত কৰি ব্যৱসায়ীসকলক ধন্যবাদ জ্ঞাপন কৰে বানাৰ কৃষকসকলে।