বিশিষ্ট সাহিত্যিক,সাংবাদিক নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ জন্মদিনত একলম
বিশিষ্ট সাহিত্যিক,সাংবাদিক নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ জন্মদিনত একলম
বিশিষ্ট সাহিত্যিক,সাংবাদিক নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ জন্মদিনত একলম
দৰং জিলাৰ দেওমৰনৈৰ সমীপৰ বড়িগাঁৱত বিগত ১৯২৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে জ্যোতিষী পণ্ডিত অলকানন্দ দেৱ শৰ্মাৰ ঔৰষত নলিনী বালা দেৱী(দোমাহী দেৱী) গৰ্ভত এগৰাকী বিৰল প্ৰতিভাৰ অধিকাৰী ব্যক্তিৰ জন্ম হৈছিল।সেই গৰাকীয়েই হ'ল বিশিষ্ট সাহিত্যিক ,সাংবাদিক ,জ্যোতিষী পণ্ডিত নৰেন্দ্ৰ দেৱ শাস্ত্ৰী।আজি ১০ ডিচেম্বৰত তেখেতৰ উপজা দিনটোৰ লগত সঙ্গতি ৰাখি একলম লিখিবলৈ মানস কৰিছো।
দৰং জিলাৰ দেওমৰনৈ এম.ই.(বৰ্তমান উচ্চতৰ মাধ্যমিক)বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে যোগদান কৰা শাস্ত্ৰী দেৱে গাঁৱত বিভিন্ন সামাজিক কামত নিজকে জড়িত কৰিছিল।হৰিশিঙা হাইস্কুল,ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়,তেজপুৰ বাঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত ১৯৬৫চনৰ ১এপ্ৰিলৰ পৰা তেজপুৰ একাডেমীত শিক্ষকতা কৰি ১৯৮৯ চনত এইখন শিক্ষানুষ্ঠানৰ পৰাই অৱসৰ গ্ৰহন কৰিছিল।তেজপুৰত স্থায়ী ভাৱে বসতি কৰাত তেজপুৰৰ বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে শাস্ত্ৰী দেৱে অপৰিহাৰ্য হৈ পৰিছিল।তেখেত শোণিতপুৰ জিলা সাংবাদিক কৰ্ম পৰিষদৰ প্ৰতিস্থাপক সভাপতি আছিল।এই গৰাকী মহান ব্যক্তিয়ে ' আজিৰ বাতৰি ' নামৰ কাকত খন নিজে সম্পাদনা কৰাৰ লগতে অগ্ৰদূত,জনমভূমি,অগ্নিগড়,মহাজাতি,সাদিনীয়া সংবাদ আদি কাকতত সেৱা আগবঢ়াইছিল।তেখেতে সাহিত্য-সংস্কৃতি দিশত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আজীৱন সেৱা আগবঢ়াইছিল ।আনহাতে তেখেতে দৰং জিলা ব্ৰহ্ম সমাজতো জড়িত হৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে।
প্ৰাক্ স্বাধীনতা কালত ব্যক্তিগত ভাৱে পুথিভঁৰাল স্থাপন কৰি পুথি সংৰক্ষণ কৰাৰ লগতে শাস্ত্ৰী দেৱে পাঠক সৃষ্টি কৰাত গুৰুত্ব প্ৰদান কৰিছিল বুলি জনা যায়।শ্ৰদ্ধাৰ নৰেন্দ্ৰ দেৱ শাস্ত্ৰী এগৰাকী বিশিষ্ট সাহিত্যিক,সাংবাদিক আৰু সুবক্তা হিচাপে জনপ্ৰিয় আছিল।সংস্কৃতৰ পানিনী ব্যাকৰনত শাস্ত্ৰী উপাধিত স্বৰ্ণ পদক লাভ কৰা বিদগ্ধ পণ্ডিত গৰাকীয়ে হিন্দী ভাষাতো সৰ্বোচ্চ উপাধি লাভ কৰিছিল।আনহাতে বাংলা,নেপালী,উৰিয়া আদি ভাষাতো তেখেত সিদ্ধহস্ত আছিল।সাহিত্যৰ ক্ষেত্ৰত তেখেতে ড° আম্বেদকাৰ বঁটা লাভ কৰিছিল। লগতে ভাৰত ভূষণ বঁটা,জৱ চাণক্য বঁটা,বিশ্ব জ্যোতিষ বিদ্যাচাৰ্য্য উপাধি লাভ কৰিছিল।জ্যোতিষ গৱেষক,বিশিষ্ট ভাষাবিদ ,কবি,মননশীল প্ৰাৱন্ধিক,ঔপন্যাসিক,গল্পকাৰ শাস্ত্ৰী দেৱৰ পৰা আজিৰ নৱপ্ৰজন্মই প্ৰেৰনা লোৱাৰ থল আছে।আনহাতে সাহিত্য সমালোচক হিচাপেও তেখেতৰ স্থান প্ৰথম শাৰীত আছিল।ইয়াৰ উপৰিও প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ কবিতা পুথি এখনো অসমীয়ালৈ ভাঙনি কৰিছিল।
জীৱনী,গল্প,কবিতা,জ্যোতিষ,শিশু সাহিত্য,ভাষা আদি বিভিন্ন দিশৰ লগতে অস্ত আকাশৰ ৰং আৰু মল্লিকা নামৰ উপন্যাস দুখনক ধৰি মুঠ প্ৰায় ১৯খন গ্ৰন্থ ৰচনা কৰি শাস্ত্ৰী দেৱে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে।শব্দ চিন্তন নামৰ তেখেতৰ গ্ৰন্থখন আজিৰ প্ৰজন্ম অধ্যয়ন কৰিলে ভাষাৰ জ্ঞানৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব বুলি ভাবো। আজীৱন উপজা গাৱৰ ৰাইজৰ লগত আত্মীয়তা বজাই ৰাখি এই গৰাকী বিৰল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি যোৱা ২০০৯ চনৰ ১৯ নৱেম্বৰত পত্নী,দুই পুত্ৰ-বোৱাৰী,জী-জোৱাইৰ লগতে বহুতো আত্মীয় স্বজনক ইহ সংসাৰত এৰি স্বৰ্গগামী হৈছিল।
প্ৰেৰক
শ্ৰী ভৱেশ শৰ্মা
বড়িগাঁৱত,দৰং(অসম)