দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২২ কাতি , বৃহস্পতিবাৰ ইং ৯ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৪০/২৭ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৪/২১
*ৰাশি:-* কন্যা ৰাশি।
*তিথি :-* কৃষ্ণা একাদশী। পু:ঘ:- ৯/৪৬/৩৯ লৈ।
*নক্ষত্ৰ :-* উত্তৰ ফাল্গুনী। ৰা:ঘ:- ১০/৩/২৩ লৈ।
*শুভ সংখ্যা:-* ৯/৫
*শুভ ৰং:-* হালধীয়া / সোনালী।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ*:- দ্বিপদ ।
ঘ:-৯/৪৬/৩৯ যোৱাত ত্ৰিপদ, ৰা:ঘ:- ১০/৩/২৩ যোৱাত এপদ।
*যাত্ৰা:-* অগ্নি কোনত নাই। ঘ:-৯/৪৬/৩৯ যোৱাত নৈঋত কোনত নাই।
*যোগিনী* :- অগ্নি কোনত। ঘ:-৯/৪৬/৩৯ যোৱাত নৈঋত কোনত ।
*ভক্ষাভক্ষ্য* :- উৰহী শাকা খোৱা নিষেধ।ঘ:- ৯/৪৬/৩৯ যোৱাত পূৰৈ শাক খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ সুখ লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ'ব।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত যিসকল শিল্পী আছে তেওঁলোকৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে সামান্য সঞ্চিত ধন খৰচ হ'ব পাৰে লগতে আজি আপোনাৰ মনত অশান্তি সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনাত শুভ বুলি কব পাৰি, সামগ্ৰী লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি যিসকল ব্যক্তিয়ে ৰাজনীতিৰ লগত জড়িত তেওলোকৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ হ'ব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ, লগতে আজি আপুনি কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, উকীল পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা ভাৱ সৃষ্টি কৰিব পাৰে।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে ভাতৃ স্থানীয় ব্যক্তিৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205