ডুমুনিচকী দুর্গাপূজাৰ উদযাপনৰ লাইখুঁটা স্থাপন

ডুমুনিচকী দুর্গাপূজাৰ উদযাপনৰ লাইখুঁটা স্থাপন

ডুমুনিচকী দুর্গাপূজাৰ উদযাপনৰ লাইখুঁটা স্থাপন
ডুমুনিচকী দুর্গাপূজাৰ উদযাপনৰ লাইখুঁটা স্থাপন

ডুমুনিচকী দুর্গাপূজাৰ উদযাপনৰ লাইখুঁটা স্থাপন

দুমুনিচকী : ১৯৭৪ খ্রীষ্টাব্দত আৰম্ভ হোৱা কামৰূপ জিলাৰ বৃহত্তৰ ডুমুনিচকী সর্বজনীন শ্রীশ্রী দুর্গাপূজাই এইবেলি সোণালী জয়ন্তী বর্ষ উদযাপনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। সেইমৰ্মে সোণালী জয়ন্তী বর্ষ উদযাপন সমিতিৰ উদ্যোগত দুর্গাপূজাৰ প্ৰথম কার্যসূচী হিচাপে লাইখুটা স্থাপন কৰা হয়।

এইবেলি সোণালী জয়ন্তী সফলভাৱে উদযাপন কৰাত পূৰ্ণ সহায়-সহযোগিতা আহ্বান জনাইছে সোণালী জয়ন্তী উদ্যাপন সমিতিৰ মুখ্য সম্পাদক মহেশ্বৰ বড়াই। লাইখুটা স্থাপন অনুষ্ঠানত বিশিষ্ট সমাজকর্মী কিৰণ চন্দ্র কাকতি, ভৈৰৱ চৌধুৰী, মমতাজ আলী, অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য সহ অঞ্চলটোৰ কেইবা • গৰাকী বিশিষ্ট ব্যক্তি তথা উদযাপন সমিতিৰ বিষয়বীয়া সকলে বক্তব্য প্রদান কৰে