দুমুনিচকীত হেঙুল থিয়েটাৰ

দুমুনিচকীত হেঙুল থিয়েটাৰ

দুমুনিচকীত হেঙুল থিয়েটাৰ
দুমুনিচকীত হেঙুল থিয়েটাৰ

দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আর্থিক সহায়ৰ বাবে দৰঙী গ্রামীণ বিকাশ সমিতিৰ সুন্দৰ পদক্ষেপ দুমুনিচকীত হেঙুল থিয়েটাৰ



সংবাদ ডিজিটেল, দুমুনিচকী, ৬ ডিচেম্বৰঃ দৰঙৰ অন্যতম সামাজিক অনুষ্ঠান দুমুনিচকীৰ দৰঙী গ্রামীণ বিকাশ সমিতিৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া হেঙুল

থিয়েটাৰক লৈ নাট্য প্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা

পৰিলক্ষিত হৈছে। অহা ১০ আৰু ১১ ডিচেম্বৰত দুমুনিচকী বৰনৈ মহাবিদ্যালয়ৰ খেলপথাৰত হেঙুল

থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব । প্রথম নিশা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনয়ৰে প্ৰণৱ বৰুৱাৰ ‘আঁকৰি তই পগলা মই’ আৰু দ্বিতীয় নিশা নতুন সাঁজত অভিজিৎ ভট্টাচাৰ্যৰ ‘চকু’ মঞ্চস্থ কৰা হব। দৰঙী গ্রামীণ বিকাশ সমিতিৰ সভাপতি ডা: মৃদুল আহমেদ আৰু সম্পাদক লুটফৰ ৰহমানে অৱগত কৰা মতে ২০০৬ চনত স্থাপিত বৃহত্তৰ দুমুনিচকী অঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান দৰঙী গ্রামীণ বিকাশ সমিতিয়ে বিগত সময়চোৱাত দান বৰঙনি সৎগ্ৰহ নকৰাকৈ বিভিন্ন ধৰণে সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ স্বাৰ্থত কাম কৰি আহিছে। এইবেলিও দৰিদ্ৰ পৰিয়াল তথা দৰিদ্ৰ মেধা ছাত্ৰ- ছাত্ৰীক আর্থিক সহায় কৰাৰ উদ্দেশ্যে দুমুনিচকীত হেঙুল থিয়েটাৰ দলক আমন্ত্ৰণ কৰা হৈছে। এই থিয়েটাৰৰ লাভ্যাংশৰে অনাগত দিনত ছাত্র ছাত্রী প্রতিভা বিকাশৰ বাবে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হব বিভিন্ন সাহিত্যমূলক প্রতিযোগিতা ৷ ইফালে হেঙুল থিয়েটাৰৰ নাট সমূহ উপভোগ কৰি উদ্যোক্তা সকলক সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় স্থানীয় সচেতন মহলে।