তুৰাইত গান্ধী জয়ন্তী উপলক্ষত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু চিকিৎসা শিবিৰ 

তুৰাইত গান্ধী জয়ন্তী উপলক্ষত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু চিকিৎসা শিবিৰ 

তুৰাইত গান্ধী জয়ন্তী উপলক্ষত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু চিকিৎসা শিবিৰ 
তুৰাইত গান্ধী জয়ন্তী উপলক্ষত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু চিকিৎসা শিবিৰ 

পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ প্ৰশংসনীয় পদক্ষেপ

তুৰাইত গান্ধী জয়ন্তী উপলক্ষত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু চিকিৎসা শিবিৰ 

দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ ঘোঁৰাশাল তুৰাই গাঁৱৰ আহোমপাৰা চুবুৰীত ১৯৮৪ চনতে প্ৰতিষ্ঠা হোৱা গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় খনি পৰৱৰ্তী সময়ত মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয় নামাকৰণেৰে ইতিমধ্যে প্ৰতিষ্ঠাৰ দুকুৰি বছৰ সম্পূৰ্ণ কৰি প্ৰান্তীয় অঞ্চলটিৰ দৰিদ্ৰ কৃষক ৰাইজৰ ছাত্ৰ-ছাত্ৰী সকলক নিষ্ঠাৰে শিক্ষাৰ পোহৰ বিলাই আহিছে।

'মঙলদৈ বুৰঞ্জী' প্ৰণেতা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা অদম্য সংগ্ৰামী 'মুক্তিযুঁজাৰু' গৰাকীৰ স্মৃতি আৰু আদৰ্শ জীয়াই ৰখাৰ সংকল্পৰে নামাকৰণ কৰা বিদ্যালয়খনৰ প্ৰতি ৰাইজ আৰু চৰকাৰৰ যেন সুদৃষ্টি পৰা নাই। মাত্ৰ ত্ৰিশজন ছাত্ৰ-ছাত্ৰীৰে চলি থকা বিদ্যালয়খন ভবিষ্যতে বৰ্তি থকিবনে নাই,সেয়াও সন্দেহৰ বিষয়। সেয়ে আজি গান্ধী জয়ন্তী উপলক্ষত বিদ্যালয়খনত অভিভাৱক, স্থানীয় ৰাইজ আৰু শিক্ষানুৰাগী ব্যক্তি সকলৰ উপস্থিতিত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষাগুৰু সকলৰ  স'তে 'গীত -মাত -আলাপ'ৰ এক অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ আৰু বিনামূলীয়া চিকিৎসা শিবিৰ পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।

কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত জিলা কৃষি পৰিদৰ্শক তথা পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ উপদেষ্টা যোগেন্দ্ৰ কুমাৰ শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটিত মহামানৱ মহাত্মা গান্ধী আৰু মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক সুৰেশ চন্দ্ৰ বৰা আৰু প্ৰধান শিক্ষক আব্দুল ৰেজেকে। পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইনে আঁত ধৰা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটোত  পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ইলতাফ আলি,১ নং ঘোঁৰাশাল গাঁৱৰ গাওঁ প্ৰধান ইছমাইল আলি , বিদ্যালয়ৰ সহকাৰী শিক্ষক মন্টু পাঠক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল গনি, অৱসৰপ্ৰাপ্ত সেনা জোৱান চামচুল হক,জ্যেষ্ঠ নাগৰিক বীৰেন্দ্ৰ বৰুৱা, তুলেশ্বৰ বৰুৱা, প্ৰাক্তন ছাত্ৰ মহেশ বৰুৱা,যুৱ সমাজকৰ্মী কনক চন্দ্ৰ বৰা, যুৱ সাহিত্য সেৱী আব্দুল মোস্তাক,পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ শুভাকাংক্ষী সদস্য আতিকুৰ ৰহমান আদি ব্যক্তি সকলে বক্তব্য ৰাখে।

তিনি শতাধিক লোকক দহ জনীয়া স্বাস্থ্য বিভাগৰ দলটোৰ চিকিৎসা প্ৰদান কৰা বিনামূলীয়া চিকিৎসা শিবিৰটোত অভিজ্ঞ চিকিৎসক হিচাপে উপস্থিত থাকে ডাঃ হৰ্ষ আগৰৱাল আৰু ডাঃ হৃদয়জ্যোতি ডেকা। অনুষ্ঠানত গীত -নৃত্য পৰিবেশন কৰে ক্ৰমে ধৰিত্ৰী বৰুৱা,বৰ্নালী বড়া,মধুস্মিতা চৌধুৰী,প্ৰীতিৰেখা বৰুৱা, বনশ্ৰী বৰুৱা,দিক্ষীতা শৰ্মা,পাপৰি শৰ্মা,দুলুমনি বৰুৱা,নাজমিনা ইয়াচমিন আদিয়ে।

অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা বাবলু আহমেদ, নৃত্য শিল্পী কন্দৰ্প শৰ্মা,সমাজকৰ্মী ক্ৰমে গিৰিধৰ শৰ্মা, মোজামিল হক,অঙ্গনবাদী কৰ্মী পাপৰি ডেকা,সহায়িকা আৰিফা হাজৰিকা, মইনা বৰুৱা,পাঞ্জল বৰা,পৰেশ বৰুৱা, ধ্ৰুৱজ্যোতি চৌধুৰী আদি লোক সকল উপস্থিত থাকে।