বাপুজী বালিকা বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ সামৰণি
বাপুজী বালিকা বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ সামৰণি
বাপুজী বালিকা বিদ্যালয়ৰ
বিদ্যালয় সপ্তাহৰ সামৰণি, শ্ৰেষ্ঠ অভিনেত্ৰী আফছানা ছিদ্দিকা
সংবাদ ডিজিটেল, ৩০ ডিচেম্বৰ: দৰঙৰ পশ্চিমাঞ্চলৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান বিষ্ণুপুৰস্থ বাপুজী বালিকা বিদ্যালয়ত যোৱা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা বিদ্যালয় সপ্তাহৰ আজি সামৰণি পৰে।
বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পলাশ চমুৱাই পতাকা উত্তোলেনেৰে শুভাৰম্ভণি কৰা বাৰ্ষিক বিদ্যালয় সপ্তাহত খেল বিভাগৰ অন্তৰ্গত বিভিন্ন খেল ধেমালী প্ৰতিযোগিতা, কবিতা আবৃত্তি , আকস্মিক বক্তৃতা ,কুইজ আদি সাহিত্য বিভাগৰ প্ৰতিযোগিতাৰ উপৰি সাংস্কৃতিক বিভাগৰ গীত- নাট , নৃত্য , জাতীয় সাজপাৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হৈ যায়। কিছুদিন পূৰ্বে দুৱাৰৰ তলা ভাঙি বিদ্যালয়খনত নিশা চোৰ প্ৰৱেশ কৰি শব্দ যন্ত্ৰ, খেলৰ সাজপাৰ আদি ভিতৰ কৰি বহুতো মূল্যবান সামগ্ৰী চুৰ কৰি লৈ যোৱাত কাৰ্যসূচী ৰূপায়নত যথেষ্ট প্ৰত্যাহ্বান মুখামুখী হোৱা স্বত্বেও ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ এই সহ পাঠ্যক্ৰমিক ক্ৰিয়া কলাপ পৰিচালনাত বিদ্যালয়খনৰ প্ৰশাসনে চেষ্টাৰ ক্ৰুটি কৰা নাই বুলি প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। বিদ্যালয়খনৰ এই বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয় দশম শ্ৰেণীৰ ছাত্ৰী উপস্মিতা কলিতা।
আনহাতে একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাটক হিচাপে প্ৰতিপন্ন হয় আকৌ "আকৌ হিয়াত জুই "। শ্ৰেষ্ঠা অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰে নৱম শ্ৰেণীৰ ছাত্ৰী আফছানা ছিদ্দিকাই। দ্বিতীয় স্থানত থাকে নৱম শ্ৰেণীৰে ছাত্ৰী ছয়ণিকা কুমাৰ।
আনহাতে বছৰৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে ঘোষণা কৰা হয় নৱম শ্ৰেণীৰ হিমাশ্ৰী শইকীয়াক। পাঁচ দিনীয়া ভিন্ন কাৰ্যসূচীৰে আয়োজিত বিদ্যালয় সপ্তাহত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগী ছাত্ৰী সকলক আগন্তুক জানুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব লগীয়া বাৰ্ষিক বঁটা বিতৰণী আৰু মুকলি সভাত বঁটা সমূহ প্ৰদান কৰা হ'ব বুলি ছাত্ৰী একতা সভাৰ সভানেত্ৰী অণুমা চৌধুৰীয়ে জনাইছে।