দৰঙত জনজাতীয় গৌৰৱ দিৱস পালন

দৰঙত জনজাতীয় গৌৰৱ দিৱস পালন

দৰঙত জনজাতীয় গৌৰৱ দিৱস পালন
দৰঙত জনজাতীয় গৌৰৱ দিৱস পালন

দৰঙত জনজাতীয় গৌৰৱ দিৱস পালন


মঙলদৈ, ১৫ নৱেম্বৰ: ভাৰতীয় স্বাধীনতা সংগ্ৰামী,জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত "জনজাতীয় গৌৰৱ দিৱস" অনুষ্ঠিত কৰা হয়।


  অনুষ্ঠানত জনজাতীয় নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে সমাজৰ বিভিন্ন দিশত বিশেষকৈ কৃষি আৰু পশুপালন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৪ গৰাকী জনজাতীয় লোক আৰু এটি আত্মসহায়ক গোটক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হ'ল পদুৰাম বড়ো, বকুল দৈমাৰী, দেব কুমাৰ চাহাৰী, নমীতা বড়ো আৰু মিজিং আত্মসহায়ক গোট।


      অনুষ্ঠানত সংস্কাৰ আঁচনিৰ অধীনত এককালীন সাহাৰ্য আগবঢ়োৱা হয়। তদুপৰি পশুপালন, কৃষি, মীন বিভাগৰ বিষয়াসকলে তেওঁলোকৰ বিভিন্ন আঁচনিৰ বিষয়ে চমু বিবৰণ আগবঢ়ায় যাতে জনজাতীয় লোকসকলে সুবিধাসমূহ গ্ৰহণ কৰি স্বাৱলম্বী হ'ব পাৰে।


   অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ বিষয়াসকল আৰু জনজাতীয় লোকৰ প্ৰতিনিধিসকল উপস্থিত থাকে।