প্ৰেম-ভালপোৱাই হৃদযন্ত্ৰক সবল কৰি ৰাখে!

প্ৰেম-ভালপোৱাই হৃদযন্ত্ৰক সবল কৰি ৰাখে!

প্ৰেম-ভালপোৱাই হৃদযন্ত্ৰক সবল কৰি ৰাখে!
প্ৰেম-ভালপোৱাই হৃদযন্ত্ৰক সবল কৰি ৰাখে!

প্ৰেম-ভালপোৱাই হৃদযন্ত্ৰক সবল কৰি ৰাখে! 

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰেম-ভালপোৱাৰ অৰিহণা অসীম। মানুহক ভালপোৱাৰ বিনিময়ত কাৰো‌ একো ক্ষতি নহয়, বৰং হিত সাধন হয় বহুত। আমি গম নোপোৱাকৈয়ে আমাৰ আলফুল হৃদযন্ত্ৰটো সুস্থ-সবল হৈ পৰে। ইয়াৰ কাৰণ হ'ল মানুহৰ প্ৰতি থকা উদাৰচিত্ততা, বদন্যতা, প্ৰেমানুৰাগ। যাৰ ফলশ্ৰুতিত মানুহ হৈ পৰে মানুহৰ সঁচা প্ৰেমিক। সেইবাবেই আমি ভালপোৱাক হৃদয়ত মনস্থ কৰিব লাগে। মানুহক ভাল পালে যে কেৱল নিজৰ হৃদয়খনৰ অৱস্থিতিৰ কথাহে উমান পোৱা যায় তেনে নহয়, আমাৰ দেৱোপম শৰীৰটোৱেও ভিতৰি ভিতৰি সুখ-স্বাচ্ছন্দ্য অনুভৱ কৰে। প্ৰকৃতপক্ষে, মানুহ মাত্ৰেই প্ৰেম-ভালপোৱাৰ প্ৰতিভূ। মানৱ সত্ত্বাৰ অনিৰুদ্ধ প্ৰত্যয়ত এখন হৃদয়ে আন এখন হৃদয়ৰ সান্নিধ্য বিচাৰে, সেয়া পূৰ্ণ হ'লে মন-প্ৰাণ প্ৰত্যাশিতভাৱেই আলোড়িত হয়। আমি জানো যে জীৱিত কালত মানুহৰ মাজত থাকিবলগীয়া সহায়-সহযোগিতা একান্তই কাম্য। ভাবি চাওঁকচোন--- মানুহ এজনক কিবা এটা সহায় কৰাৰ বিনিময়ত লাভ কৰা কৃতজ্ঞতামূলক সঁহাৰিয়ে মনলৈ কেনে পৰিৱৰ্তন আনে! কৰ্মঠ মন এটা প্ৰচুৰ আনন্দ-উৎসাহেৰে ভৰি নপৰেনে? যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে হৃদযন্ত্ৰৰ ওপৰত, সেই অনুসৰি স্বাভাৱিক অৱস্থাত থাকে হৃদস্পন্দন(Heartbeat)।

কোনে নাজানে বাৰু আনন্দদায়ক মূহুৰ্ত এটাই মানুহক সুখী কৰি তোলে বুলি। এই সুখেই হ'ল সুস্বাস্থ্যৰ ফলৱন্ত কচৰৎ তথা আধাৰ। এইখিনিতে এটা প্ৰশ্নৰ অৱতাৰণা হয়--- আমি আনন্দদায়ক মূহুৰ্ত এটা কেনেকৈ লাভ কৰিম? ইয়াৰ উৎসবোৰনো ক'ত লুকাই আছে? তাকে জানিবলৈ মন নাযায়নে? নিশ্চয় মন যায়। কেতিয়াবা কেতিয়াবা কোমল মনটোৱে থৰ-কাছুটি হেৰুৱায় সুখ বিচাৰি বিচাৰি। পাৰ্থিৱ সুখ বিচাৰোঁতে পদপথত যেনিবা দুখৰ উপৰি দুখ হে পায়! সুখ সম্পৰ্কে পুংখানুপুংখ বিশ্লেষণ কৰি চালে এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে নিৰোগী স্বাস্থ্যই প্ৰকৃত সুখ। যাক মানৱ জীৱনৰ প্ৰতিনিয়ত সত্য বুলি অভিহিত কৰিব পাৰি। গতিকে, আমি পৰম আগ্ৰহেৰে স্বাস্থ্যৰ সাধনা কৰিব লাগিব। যাক ভাবিব লাগিব চেতনাৰ অবাৰিত স্পন্দন বুলি।
         কিহে বাৰু আমাক স্বাস্থ্যৰ উত্তৰোত্তৰ সাধনত সহায়-সুবিধা প্ৰদান কৰে, কিনো বাৰু সহজলভ্য উপায়। আহক, তাকে জানিবলৈ আন্তৰিক প্ৰয়াস কৰোঁ। যন্ত্ৰৰ কৰ্কশ শব্দৰ পৰা আঁতৰি নিজৰ লগতে পাতো কিছু প্ৰয়োজনীয় কথা। তাৰমানে কি জানেনে--- আপোনাৰ হৃদয়খনতেই আছে নিৰ্মল আনন্দৰ অপূৰ্ব সুন্দৰ উৎস-বাৰিধি। যিয়ে ধুই নিকা কৰিব পাৰে আপোনাৰ মনৰ কলুষতা-কালিমাক। উজ্জীৱিত কৰিব পাৰে মৃতপ্ৰায় জীৱনক। হৃদয়ৰ পৱিত্ৰতাই যেনিবা আনন্দৰ অন্যতম উৎস। মানৱ প্ৰেমৰ চিৰসেউজ পটভূমি। যিয়ে মানুহক ভাল পাবলৈ উদ্গনি যোগায়। মানুহক ভালপোৱাৰ জৰিয়তে আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ। প্ৰেম সঁচাকৈয়ে সুস্বাস্থ্যৰ এটা শক্তিশালী ভেঁটি আৰু ঐশ্বৰ্যৰ অন্তহীন উৎস। প্ৰণিধানযোগ্য কথা(মনস্তাত্ত্বিক)এইটোৱে যে মানুহক ভাল পালে স্বাস্থ্য বিধ্বংসী খং-ৰাগবোৰ পলকতে বিলুপ্তিৰ দিশে ধাৱমান হয়। তদুপৰি শৰীৰত এটা শান্ত-সৌম্য ৰূপৰ বিন্যাস ঘটে। যি বিন্যাসত স্বস্তি অনুভৱ কৰে বুকুৰ মাজত থকা আলফুল হৃদযন্ত্ৰটোৱে। পৰিৱৰ্তিত জীৱন শৈলীয়ে কোঙা কৰা আজিৰ সমাজখনত প্ৰেম-ভালপোৱা, সহায়-সহযোগিতা, সহানুভূতি ইত্যাদি মানৱীয় গুণবোৰ সুদূৰপৰাহত হৈ পৰিছে। যেন অভিধানৰ পাততেই লিপিবদ্ধ হৈ থাকিব মানুহক দেৱতাৰ শাৰীলৈ আৰোহণ কৰাত সহায় কৰা সেই চিৰস্মৰণীয় শব্দবোৰ, তেনে এক অনাহুত-অনাকাংক্ষিত প্ৰত্যয়-প্ৰতীতিবোধেৰে আমাৰ সমাজখন সম্প্ৰতি জৰ্জৰিত। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ আয়ুসবোৰ কমি আহিছে, মাতি আনিছোঁ অকাল মৃত্যু-বাৰ্ধক্যক।


        বৰ্তমান দূৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা মানুহৰ সংখ্যাতকৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা মানুহৰ সংখ্যা সৰ্বাধিক। স্বাস্থ্য সম্পৰ্কীয় তথ্যপাতিত ইতিমধ্যে এই কথা সবিস্তাৰে প্ৰকাশো পাইছে। এই সংক্ৰান্তত মনত এটা প্ৰশ্নৰ উদ্ৰেক হয় স্বত:স্ফূৰ্তভাৱে, কিয় বাৰু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা মানুহৰ সংখ্যা সৰ্বাধিক? কি কাৰণত প্ৰতিদিনে মানুহ উক্ত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰি আছে?! প্ৰত্যুত্তৰত ইয়াকে কওঁ: আজিৰ মানুহ হিচাপতকৈ অধিক প্ৰতিযোগী মনোভাৱৰ, অৰ্থলোভী, আত্মকেন্দ্ৰিক, সকলোবোৰ একক পৰিয়াল প্ৰপন্ন। তাৰ সমান্তৰালকৈ ভোগবাদী। যিবোৰে হৃদযন্ত্ৰটোক কৰিছে থকা-সৰকা। আত্মপ্ৰতিষ্ঠা আৰু ধন ঘটাৰ এখন অঘোষিত প্ৰতিযোগিতাত সকলোৱে যেন অৱত্তীৰ্ণ হৈছে, পাহৰি গৈছে পৰিণামদৰ্শী হ'বলৈ। ক'ৰবাত যেন পৰি ৰৈছে মানৱাত্মাৰ নিভৃততম ইচ্ছা-অনিচ্ছাবোৰ। আমি আমাৰ তেজ-মঙহৰ শৰীৰটোৰ ওপৰত অমানুষিক নিৰ্যাতন কৰা নাইনে? জীৱন পৰিক্ৰমাত ক্ষন্তেক ৰৈ এবাৰ মাত্ৰ ভাবি চাইছোঁনে এই কথা? আৰু সময়মতে খোৱা-বোৱাই কৰিছোঁ নে স্বাস্থ্যৰ মহৌষধস্বৰূপ টোপনিক আকোঁৱালি লৈছোঁ--- শৰীৰৰ নিৰ্দেশত। প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰাটো ক্ষতিকাৰক। নিজৰ শৰীৰটোৰ ক্ষতি হোৱাটো আত্মাই কামনা নকৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পৰা ধৰণৰ কোনো কামেই কৰা উচিত নহয়। তথাপি আজিৰ মানুহ ইমানেই ব্যস্ত হৈ পৰিছে যে ইজনে সিজনক ভাল পাবলৈ আহৰি নাপায়, আত্মীয়-স্বজনৰ খা-খবৰ ল'বলৈয়ো সময়কণ নাই হাতত। আচলতে সদিচ্ছাৰ অভাৱ। ধন-সম্পদৰ ওচৰত গুৰুত্বহীন হৈ পৰিছে সমাজকেন্দ্ৰিকতা। ক্ৰমশ: একতা-মৰম-চেনেহৰ বান্ধোন নিশকতীয়া হৈ পৰিছে, তাৰ প্ৰতি কাৰো কোনো ভ্ৰূক্ষেপ নাই। আজিৰ মানুহে অৱশ্যেই মানসিক প্ৰয়োজনবোধ অনুভৱ নকৰে ইজনে সিজনৰ লগত মিলি থকাৰ বাবে। আগ্ৰহী নহয় ভাবৰ আদান-প্ৰদানৰ প্ৰতি। ইয়াৰ ফলশ্ৰুতিত অধিকাংশই পৰিছে একঘেঁয়েমিতা(Monotony)ৰ কবলত। ই এক মানসিক ৰোগৰেই প্ৰাৰম্ভিক লক্ষণ নহয়নে? যাৰ প্ৰত্যক্ষ প্ৰভাৱত গা কৰি উঠিছে স্কিজোফ্ৰেনিয়া(Schizophrenia)নামৰ এটা মানসিক ৰোগে। যন্ত্ৰ-অৰ্থসৰ্বস্ব মানসিকতাৰ বাবে ধনীক শ্ৰেণী সহজতে একঘেঁয়েমিতাৰ অভ্যাগত হৈ পৰিছে। কিন্তু দুৰ্ভাগ্যজনক--- এনেদৰে নিজৰ শৰীৰ-মনলৈ ৰোগক আমন্ত্ৰণ কৰাটো। কিছুমান সচেতন ব্যক্তিয়ে ইয়াৰ পৰা মুক্তিৰ উপায় অৱলম্বন হিচাপে ভ্ৰমণক বাচি লৈছে, যিটো সদৰ্থক চিন্তাৰ বাস্তৱিক মূল্যায়ন বুলি ক'ব পাৰি। কিয়নো, ভ্ৰমণে একঘেঁয়েমিতা লাঘৱ কৰি জীৱনক গতিশীল কৰি তোলে। উদ্বুদ্ধ কৰে নতুনত্ব অভিমুখে অগ্ৰসৰ হ'বলৈ। ইয়াৰ পৰিৱৰ্তে যিসকলে নিচাযুক্ত দ্ৰব্যৰ আশ্ৰয় লয় বিনাদ্বিধে, সেইটোহে ভয়ংকৰ। প্ৰাণঘাটী। মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই অনা এনেধৰণৰ ক্ষতিকাৰক কাৰকৰ পৰা মুক্তি লাভ কৰিবলৈ প্ৰত্যেকে সজাগ হ'ব লাগিব। সজ্ঞানে সমাজকেন্দ্ৰিক হোৱাৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। সামাজিকতা-আত্মপ্ৰেমক সানুনয়ে জীৱনোদ্ধাৰৰ মহামন্ত্ৰ-মৰ্মকথা বুলি সাৰোগত কৰি তাক প্ৰাত্যহিক জীৱনত চৰিতাৰ্থ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। মানৱ প্ৰেমৰ বীজ সিঁচিব লাগিব নিজে বাস কৰা সমাজখনত। ইজনে সিজনক অনুপ্ৰাণিত কৰিব লাগিব সমাজ প্ৰেম অটুট ৰাখিবলৈ। প্ৰয়োজনত পদক্ষেপ গ্ৰহণ কৰিব লাগিব।


        সময় থাকোঁতেই ঠেক গণ্ডীৰ প্ৰাচীৰ ভেদী ওলাই আহক জন অৰণ্যৰ মাজলৈ। ৰাহি কৰক ৰাইজ-সমাজৰ বাবে কিছু সময়। সেই সময়খিনিত নিজক উচৰ্গা কৰক ৰাইজৰ নামত। মনত ৰাখিব ব্যক্তিৰ সমষ্টিয়েই সমাজ। আমি একত্ৰিত হৈ থাকিলেহে সমাজত ঐক্য-সংহতি বৰ্তি থাকিব, টনকিয়াল হৈ থাকিব ভাতৃত্বৰ এনাজৰীডাল। তাৰ লগে লগে মনবোৰো উৰ্বৰ হৈ থাকিব সৃষ্টিশীল ৰূপত। মানৱ প্ৰেমে মানুহৰ অন্তৰাত্মাক পৱিত্ৰ কৰি ৰাখে। জীয়াই থাকিবলৈ দিয়ে অফুৰন্ত সাহস। জনা উচিত--- মানুহক ভাল পালে স্নায়ুবোৰ শিথিল আৰু নমনীয় হৈ থাকে। আনহাতে, নি:স্বাৰ্থ প্ৰেম-ভালপোৱাই মগজুৰ পৰা কেতবোৰ Neurotransmitter যেনে ড'পামাইন(Dopamine), চেৰ'ট'নিন(Serotonin), ন'ৰাড্ৰিনালিন(Noradrenaline)এছিটাইল্ফ'লিন(Acetilopholine), হিষ্টামাইন(Histamine), গাবা(GABA), গ্লুটামিক এচিড(Glutamic Acid)আদি ৰাসায়নিক দ্ৰব্য (হৰ্মন)নি:সৰণ কৰাত বহু পৰিমাণে সহায় কৰে। যিয়ে মানুহক সুখ-আনন্দ অনুভৱ কৰাত ইন্ধন যোগায়। বৰ্তাই ৰাখে মন-শৰীৰত থাকিবলগীয়া ভাৰসাম্য। আমাৰ মগজুত এই ৰাসায়নিক দ্ৰব্য তথা হৰ্মনৰ উপস্থিতি আশানুৰূপভাৱে সক্ৰিয় হোৱা বাঞ্ছনীয়। কাৰো প্ৰতি হিংসা-ঈৰ্ষা-বিদ্বেষভাব নাৰাখি শিশুৰ দৰে মুখত এটা অকৃত্ৰিম হাঁহি লৈ থাকক পাৰ্যমানে। যিয়ে আপোনাক মানুহৰ মাজত যোগাযোগ স্থাপন কৰাত প্ৰচুৰ সহায় কৰিব, প্ৰদান কৰিব জীয়াই থকাৰ প্ৰকৃত মাদকতা। স্মৰ্তব্য যে হাঁহিৰ দৰে মূল্যবান অংগৰাগ একোৱেই নাই এই পৃথিৱীত। তদুপৰি ই এটা সফল স্নায়ুবিক ব্যায়াম। যিয়ে শৰীৰ আৰু মনৰ সুষম সমন্বয় ঘটাই মানুহ এজনৰ মুখমণ্ডলত প্ৰশান্তিৰ ছাপ প্ৰদান কৰিব পাৰে। 


       গতিকে আহক, মানৱ প্ৰেমক শিৰোধাৰ্য কৰি সংকল্প লওঁ নিজৰ লগতে ওচৰচুবুৰীয়াজনকো স্বাস্থ্যবান কৰি তুলিবলৈ। সুসংহত প্ৰচেষ্টাৰে সমাজখনলৈ কঢ়িয়াই আনো একো একোটা সুখোন্মোচক স্বাস্থ্য বাৰ্তা। বিশ্ব স্বাস্থ্য সংস্থায়োও(WHO)কৈছে--- কেৱল ৰোগ বা অসুস্থতাৰ অনুপস্থিতিয়েই স্বাস্থ্য নহয়। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক মংগলৰ অৱস্থা।

                       হেৰম্ব নাথ