দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২১কাতি , বুধবাৰ ইং ৮ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৩৯/৫২ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৫/২
*ৰাশি:-* সিংহ ৰাশি। ৰা:ঘ:- ২/১৩/৪৬ যোৱাত কন্যা ৰাশি।
*তিথি :-* কৃষ্ণা দশমী। পু:ঘ:- ৮/৪৪/৯ লৈ।
*নক্ষত্ৰ :-* পুৰ্ব্বফাল্গুনী। ৰা:ঘ:- ৭/৩৭/২৫ লৈ।
*শুভ সংখ্যা:-* ৮/৪
*শুভ ৰং:-* সেউজীয়া/ বগা ।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ*:- নাই। ৰা:ঘ:- ৭/৩৭/২৫ যোৱাত দ্বিপদ।
*যাত্ৰা:-* উত্তৰ দিশত নাই। ৰা:ঘ:- ৭/৩৭/২৫ যোৱাত অগ্নি কোনত নাই।
*যোগিনী* :- উত্তৰ দিশত। ৰা:ঘ:- ৭/৩৭/২৫ যোৱাত অগ্নি কোনত ।
*ভক্ষাভক্ষ্য* :- কলমৌ শাকা খোৱা নিষেধ।পু:ঘ:- ৭/৪৪/৯ যোৱাত উৰহী খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত লাভালাভ হ'ব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি অযথা খৰছ সজাগ হোৱাটো ভাল হ'ব।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আমোদ প্ৰমোদ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে বন্ধু বান্ধৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জয় লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি সাহিত্যৰ সংস্কৃতিৰ লগত জড়িত তেওঁলোকৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লগতে আজি আপুনি খৰচ প্ৰতি নজৰ ৰখাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব, ৰোগা আৰোগ্য হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত আঘাট পাৱলগীয়া হ'ব পাৰে।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, স্বাস্থ্যৰ উন্নতি হ'ব, লগতে আজি আপুনি কৰ্মত আনৰ পৰা প্ৰেৰণা লাভ কৰিব।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সান্নিধ্য লাভ কৰিব লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধনৰ আগমন হ'ব , কৰ্মত ভাল পৰিবেশ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য নতুন নতুন সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, আৰ্থিক দিশটো শুভ হ'ব, লগতে আজি সজাগ নহলে খেতিয়ক সকলে সামান্য মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত সামান্য বাধা আহিব পাৰে, নতুন কৰ্ম আৰম্ভণি কৰোতে সামান্য জটিলতা আহিব পাৰে, দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে লগতে আজি আপুনি বিবাদ বা মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ
জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205