ঐতিহ্য মণ্ডিত উত্তৰ লোজোৰা শ্ৰীশ্ৰী শিৱ মন্দিৰটিৰ মণিকূট নিৰ্মাণৰ ভূমি পূজন
ঐতিহ্য মণ্ডিত উত্তৰ লোজোৰা শ্ৰীশ্ৰী শিৱ মন্দিৰটিৰ মণিকূট নিৰ্মাণৰ ভূমি পূজন
যোৱা ১৯৩৫ চনতে দৰঙ জিলাৰ দেওমৰনৈৰ সমীপৰ জাপ মৰা বড়িস্থিত ঐতিহ্য মণ্ডিত উত্তৰ লোজোৰা শ্ৰীশ্ৰী শিৱ মন্দিৰটিৰ মণিকূট নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰ শিলা স্থাপন অনুষ্ঠানটি আজি অনুষ্ঠিত হয়। মণিকূট নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰে বিশিষ্ট ব্যৱসায়ী মাননীয় শ্ৰী দীপক শৰ্মা দেৱে।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত সম্বৰ্ধনা সভা খন সঞ্চালনা কৰে বিশিষ্ট সমাজকৰ্মী মাননীয় শ্ৰী কনেশ্বৰ ডেকা দেৱে।ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আধ্যাত্মিক পৰিৱেশত আজি অনুষ্ঠিত সভাখনত শিক্ষাবিদ মাননীয় শ্ৰী কমিনাথ ডেকা,সমাজসেৱক মাননীয় শ্ৰী শশীন্দ্ৰ শৰ্মা,কৃতি শিক্ষক মাননীয় শ্ৰী দণ্ডধৰ শৰ্মা,অৱসৰী কৃতি শিক্ষক মাননীয় শ্ৰী অনন্ত দেৱ গোস্বামী,অৱসৰী কৃতি শিক্ষক মাননীয় শ্ৰী ৰামেশ্বৰ বৰুৱা,কৃতি শিক্ষক মাননীয় শ্ৰী ৰুদ্ৰ কান্ত বৰুৱাৰ আৰু শিশু বক্তা কল্যাণীয়া শ্ৰী নন্দিতা প্ৰিয়ম নাথে ভাষন আগবঢ়ায়।সভাখনত আটধৰে মাননীয় শ্ৰী মহেশ হাজৰিকা দেৱে।সভাত মণিকূট নিৰ্মাণৰ বাবে আঞ্চলিক ৰাইজে দান বৰঙনিৰে সহযোগিতা আগবঢ়ায়।