অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ছিপাঝাৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ছিপাঝাৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ছিপাঝাৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান
অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ছিপাঝাৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

*অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ছিপাঝাৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান*

মঙলদৈ, ১৫ ডিচেম্বৰ: আজি ছিপাঝাৰৰ শ্বহীদ ভৱনত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ছিপাঝাৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে।

বিধায়ক গৰাকীয়ে তেওঁৰ ভাষণত কয় যে ৰাজ্যখনৰ চুকে-কোণে থকা যুৱ প্ৰজন্মৰ সাংস্কৃতিক প্ৰতিভাধৰ সকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই মহৎ কাৰ্যসূচীৰ বাবে তেওঁ মুখ্যমন্ত্রীগৰাকীৰ শলাগ লয়। তেওঁ কয় যে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্রত দৰঙী সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে। ভাষণ প্ৰসংগত ছিপাঝাৰৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি সমষ্টিটোৰ নৱ প্ৰজন্মৰ শিল্পীয়ে সাংস্কৃতিক মহাসংগ্ৰামত ক্ৰমান্বয়ে জিলা আৰু ৰাজ্যিক পৰ্যায়তো সুনাম অৰ্জন কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে অসম সাংস্কৃতিক মহাসংগ্ৰামে নৱ প্ৰজন্মৰ শিল্পী সকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিকাশৰ বাবে এখন মঞ্চ দিছে।
তেওঁলোকে এই সুযোগ গ্রহণ কৰি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব লাগিব। তেওঁ লগতে কয় যে নৱপ্ৰজন্মই দৃঢ়সংকল্প, উৎসৰ্গিত মন আৰু নিষ্ঠাৰে সৈতে আগবাঢ়ি গ'লে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। 

আজিৰ অনুষ্ঠানত সুখ্যাত লোকশিল্পী ৰাজেন্দ্ৰ নাথ ওজাক সম্বৰ্দ্ধনা জনোৱা হয়।

আজিৰ অনুষ্ঠানত ছিপাঝাৰ পৌৰসভাৰ পৌৰপতি পীনাক্ষী শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত উপাসনা দত্ত, জিলা সাংস্কৃতিক বিষয়া ধনদা দাস হাজৰিকা, প্ৰতিযোগীসকল, সাংস্কৃতিক কৰ্মী, বিশিষ্ট নাগৰিক আৰু বহুসংখ্যক সংস্কৃতিপ্ৰেমী দৰ্শক উপস্থিত আছিল।