জাপ মৰা বড়িত কৰ্কটৰোগ সম্পৰ্কীয় বিশেষ সজাগতা সভা
জাপ মৰা বড়িত কৰ্কটৰোগ সম্পৰ্কীয় বিশেষ সজাগতা সভা
*জাপ মৰা বড়িত কৰ্কটৰোগ সম্পৰ্কীয় বিশেষ সজাগতা সভা*
*জাপ মৰা বড়িত কৰ্কটৰোগ সম্পৰ্কীয় বিশেষ সজাগতা সভা*
সংবাদ ডিজিটেল ২০ ডিচেম্বৰ : বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী উদ্যোগত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ত কালি ১৯ ডিচেম্বৰত কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা সভা এখন অনুষ্ঠিত হৈ যায়।দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত পাতিদৰঙ, লোজোৰা,ঝাৰগাঁও, বড়িগাওঁকে ধৰি বৃহত্তৰ দেওমৰনৈ অঞ্চলটিত শেহতীয়া ভাৱে বৰ্দ্ধিত কৰ্কট ৰোগীৰ প্ৰতি লক্ষ ৰাখি জাপমৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত কৰ্কটৰোগৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷উক্ত সভাত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তৰফৰ পৰা মাননীয়া ভৱানী হাজৰিকা আৰু ৰিপশিখা দাসে ধূমপান,ধপাত,সুৰা ইত্যাদি নিছাযুক্ত দ্ৰব্যই কৰ্কটৰোগ সৃষ্টিত অৰিহনা যোগাই তাৰ ওপৰত ৰাইজ আৰু ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সুন্দৰভাৱে বক্তৃতা ৰাখে ৷
কৰ্কট ৰোগ মানেই যে মৃত্যু নহয় অথাৎ প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰিব পাৰিলে কেনেকৈ এই ৰোগৰ পৰা বাচিব পাৰি তাকো উল্লেখ কৰে ৷উল্লেখযোগ্য যে এই অঞ্চলত এনেকুৱা এখন সভা অনুষ্ঠিত কৰা বাবে কতৃপক্ষই আৰু ৰাইজে স্কুল কতৃপক্ষক ভূয়সী প্ৰসংসা কৰে।