বৃহত্তৰ সানোৱাবাসী ৰাইজৰ সহযোগত এখনি সম্বৰ্ধনা সভা
বৃহত্তৰ সানোৱাবাসী ৰাইজৰ সহযোগত এখনি সম্বৰ্ধনা সভা
সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত ইং ২৬/১০/২০২৪ তাৰিখ শনিবাৰে দিনৰ ১২-০০ বজাৰ পৰা "অ মোৰ সানোৱা গাঁও" নামৰ সামাজিক গোটৰ উদ্যোগত আৰু বৃহত্তৰ সানোৱাবাসী ৰাইজৰ সহযোগত এখনি সম্বৰ্ধনা সভা
অনুষ্ঠিত হৈ যায় ৷ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, সানোৱাৰ সুসন্তান মকিবৰ ৰহমানৰ সভাপতিত্বত আৰু সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ফখৰুদ্দিন আহমেদে আঁতধৰা সভাখনি বিদ্যালয়খনিৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নাজিফা চিদ্দিকাৰ সুমধুৰ কণ্ঠৰ এটি গীতেৰে শুভাৰম্ভ হয় আৰু উক্ত সভাখনিত বৃহত্তৰ সানেৱা অঞ্চলৰ অনুষ্ঠান, প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাপক, বিশিষ্ট সমাজকৰ্মী, জ্যেষ্ঠ অধিবক্তা ফাইজুৰ ৰহমানক সন্মানীয় "সানোৱা ৰত্ন" উপাধিৰে বিভূষিত কৰা হয় ৷ উপাধি প্ৰদান অনুষ্ঠানত তেখেতক চেলেং চাদৰ, উপাধি প্ৰদান পত্ৰ, স্মাৰক, শৰাই, গামোছা আদি প্ৰদান কৰা হয় ৷ লগতে উক্ত সম্বৰ্ধনা সভাত বৃহত্তৰ অঞ্চলটিৰ পৰা গৱেষণা কৰি সন্মানীয় ডক্তৰেট অৰ্হতা লাভ কৰা ড° কামাল হাচান, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই অনা ডা° চামিম আব্দুৰ আটিক, আৰকিদা য়াছমিন, চাহেনা মিৰ্জা আৰু বিগত ইং ২০২০, ২০২২, ২০২৩, ২০২৪ বৰ্ষত একেটা অঞ্চলৰ পৰা মেট্ৰিক, উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আদি পৰীক্ষাত উত্তীৰ্ণ প্ৰায় তিনি শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা পত্ৰ, গামোছা, কিতাপ প্ৰদান কৰা হয় ৷ সম্বৰ্ধনা সভাখনিত উদ্বোধক হিচাপে যোগদান কৰি সানেৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক , সাহিত্যিক খাইৰুল হুছেইনে প্ৰদান কৰা লিখিত ভাষণত সানোৱাৰ নৱ প্ৰজন্মক যুগ সাপেক্ষ শিক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মুখ্য অতিথি হিচাপে যোগদান কৰা দুমুনিচকীৰ অৱসৰী শিক্ষক, সাহিত্যিক দিলোৱাৰ হুছেইনে সানোৱা ঐতিহ্য সোঁৱৰী সেই মহানতাৰ পদাংক অনুসৰন কৰি নিজৰ ভবিষ্যতৰ ফালে ধাৱমান হ'বলৈ পৰামৰ্শ প্ৰদান কৰে ৷ বৃহত্তৰ সানোৱাবাসী ৰাইজৰ যোগদানে সভাখনি সাফল্য কৰাত "অ মোৰ সানোৱা গাঁও" সামাজিক গোটৰ বিষয়ববীয়া সকলে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে ৷