মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতাৰ কাৰ্যসূচী
খাৰুপেটীয়া মহাবিদ্যালয়ত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতাৰ কাৰ্যসূচী
জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯৬/২০২৩
জনসংযোগ দৰং
প্ৰেছ বিজ্ঞপ্তি- ৯৬/২০২৩
*খাৰুপেটীয়া মহাবিদ্যালয়ত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতাৰ কাৰ্যসূচী*
মঙলদৈ, ২৮ নৱেম্বৰ: পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পথ সুৰক্ষা জন আন্দোলনৰ অংশ হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । আজি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যুৱ সমাজৰ মাজত পথ সুৰক্ষা বিষয়ক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনাত মৃত্যু হোৱা অঞ্চলটোৰ লোকসকলৰ আত্মাৰ সদগতিৰ কামনাৰে বন্তি প্ৰজ্বলন কৰে ।
মন্ত্ৰীগৰাকীয়ে সেই লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে পথ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধিৰ বিশেষ প্ৰয়োজন । মন্ত্ৰীগৰাকীয়ে দুচকীয়া বাহন চলাওতে সদায়ে হেলমেট পৰিধান কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আহ্বান জনায়।
পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যানবাহন চলাই থকা অৱস্থাত মোবাইল ফোনৰ ব্যৱহাৰ পৰিহাৰ কৰা, সুৰাসক্ত হৈ গাড়ী চলোৱাৰ পৰা বিৰত থকা, গাড়ী চলাওতে ছীটবেল্ট ব্যৱহাৰ কৰা, দ্ৰুত গতি পৰিহাৰ কৰা আদিৰ কথাও তেওঁ উল্লেখ কৰে। পথ সুৰক্ষা বিষয়ক সচেতনতাই পথ দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি তেওঁ মন্তব্য কৰে। পৰিবহন বিভাগে আয়োজন কৰা পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচী সফল কৰাৰ লগতে সৰ্বত্ৰ পথ সুৰক্ষা বিষয়ক সচেতনতা সৃষ্টিৰ বাবে কাম কৰিবলৈ সংশ্লিষ্টসকলৰ প্ৰতি আহ্বান জনায়।
আজিৰ এই অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালো উপস্থিত আছিল ।