ছিপাঝাৰৰ কুৰুৱাত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন
ছিপাঝাৰৰ কুৰুৱাত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন
ছিপাঝাৰৰ কুৰুৱাত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্নঃ
কৃতী ছাত্ৰীক সম্বৰ্ধনা
সাংবাদ ডিজিটেল,দুমুনিচকী ২০ জুলাই :ছিপাঝাৰৰ কুৰুৱাৰ অন্যতম সামাজিক অনুষ্ঠান বি. আৰ. ডিৰ (বৰ্ণ ফ'ৰ ৰুৰেল ডেভেল'পমেন্ট) উদ্যোগত জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি ১১ বজাৰ পৰা ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱা মজলীয়া বিদ্যালয়ত এটি "বিনামূলীয়া স্বাস্থ্য শিবিৰ" সম্পন্ন হয় । বি আৰ ডিৰসম্পাদক নবজ্যোতি শইকীয়া আৰু কোষাধক্ষপ্ৰাণকিশোৰ অগস্তিয়ে অৱগত কৰা মতে ৰাতিপুৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় এখনি বিশেষ সম্বৰ্ধনা সভা । বি আৰ ডিৰ সভাপতি সুমিন্দ্ৰ ভুঞাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ডা: দেবাশ্ৰী সাহা, ডা: ভায়লীনা কুমাৰ, শিক্ষক ধকমান শ্ৰেষ্ঠ, স্থানীয় গাঁও প্ৰধান দুলাল চন্দ্ৰ মেধি সহিতে প্ৰায় ১৫ গৰাকী চিকিৎসা কৰ্মী সহ কেইবা গৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । প্ৰায় দুই শতাধিক ৰোগীক এই স্বাস্থ্য শিবিৰত বিনামূলীয়া চকুৰ পৰীক্ষা, বিনামূলীয়া প্ৰেচাৰ-চুগাৰ পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়া ঔষধ প্ৰদান কৰে স্বাস্থ্য কৰ্মী সকলে । আনহাতে উক্ত অনুষ্ঠানটোত উপস্থিত আছিল চকু ৰোগ বিশেষজ্ঞ ডা: অমল শৰ্মা। উল্লেখ্য যে ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ তিনি গৰাকী ছাত্ৰী ক্ৰমে
খলিহৈ আঞ্চলিক হাইস্কুলৰ
দৰ্শনা দাস, কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, লেঙা কুৰুৱা আদৰ্শ হাইস্কুলৰ
বন্দীতা দাস, লেঙা কুৰুৱা হাইস্কুলৰ মম্পী বৰ্মনক সুখ্যাতি উৰ্ত্তীৰ্ণ হৈ অঞ্চলটো লৈ সুনাম কঢ়িয়াই অনাৰ বাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে কাৰ্যকৰ্তা সকলে । বিগত সময়চোৱা ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি অহা বি আৰ ডি এন জি অৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে স্থানীয় ৰাইজে ।