লোককৃষ্টিৰ সাধক পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু বিষ্ণু ৰাভা বঁটা প্ৰাপক ধৰ্মেশ্বৰ নাথ ওজাক এবিভিপিৰ সম্বৰ্ধনা
লোককৃষ্টিৰ সাধক পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু বিষ্ণু ৰাভা বঁটা প্ৰাপক ধৰ্মেশ্বৰ নাথ ওজাক এবিভিপিৰ সম্বৰ্ধনা
লোককৃষ্টিৰ সাধক পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু বিষ্ণু ৰাভা বঁটা প্ৰাপক ধৰ্মেশ্বৰ নাথ ওজাক এবিভিপিৰ সম্বৰ্ধনা
ছিপাঝাৰ, ২০জুলাইঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দৰং জিলাৰ অন্তৰ্গত ছিপাঝাৰ, হাজৰিকাপাৰা আৰু পাথৰিঘাট শাখাৰ উদ্যোগত সমগ্ৰ অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী বিদ্যাৰ্থী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে লোককৃষ্টিৰ সাধক পদ্মশ্ৰী গুৰু দ্ৰোণ ভূঞা আৰু বিষ্ণুৰাভা বঁটা প্ৰাপক শিল্পী ধৰ্মেশ্বৰ নাথ ওজাক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যেৰে আজি ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সভাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জিলা সংযোজক পাৰ্থপ্ৰতীম বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। মুখ্য অতিথি হিচাপে উপস্হিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক অনুপ কুমাৰ। প্ৰায় তিনি শতাধিক বিদ্যাৰ্থীৰ উপস্থিতিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃতী শিক্ষক চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰামানন্দ ৰাজবংশীয়ে বিদ্যাৰ্থীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ঋতুপৰ্ণা কলিতা আৰু বিতুপন বৰুৱাই সঞ্চালন কৰা অনুষ্ঠানটোত ছাত্ৰী কৰ্য্যকৰ্তা প্ৰিয়ংকা কলিতাৰ উপস্থিতিত দৰঙী কলা-কৃষ্টিৰ সাধক পদ্মশ্ৰী গুৰু দ্ৰোন ভূঁঞা লগতে বিষ্ণুৰাভা বঁটাপ্ৰাপক ধৰ্মেশ্বৰ নাথ ওজাক বিশেষ সম্বৰ্ধনা প্ৰদানৰ যোগেদি অনুষ্ঠানটোৰ সফল সামৰণি পৰে বুলি দৰং জিলাৰ জিলা বিদ্যাৰ্থী বিস্তাৰক হীৰক জ্যোতি বৰুৱাই জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানৰ যোগেদি সমগ্ৰ ছিপাঝাৰ অঞ্চলৰ সচেতন মহলৰ দ্বাৰা প্ৰশংসিত হয় বিদ্যাৰ্থী পৰিষদ দৰং জিলাৰ কৰ্য্যকৰ্তা সকল।