দৰং ডায়েটত ক্ৰীড়া সমন্বিত শিক্ষাদান অভিমুখী কাৰ্যসূচী সমাপন

দৰং ডায়েটত ক্ৰীড়া সমন্বিত শিক্ষাদান অভিমুখী কাৰ্যসূচী সমাপন

দৰং ডায়েটত ক্ৰীড়া সমন্বিত শিক্ষাদান অভিমুখী কাৰ্যসূচী সমাপন

১৮ মাৰ্চ,ছিপাঝাৰ: অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু দৰং জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত যোৱা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ এক ক্ৰীড়া সমন্বিত শিক্ষাদান অভিমুখী কাৰ্যসূচী সম্পন্ন হয়।

দৰং ডায়েটত অনুষ্ঠিত এই কাৰ্যসূচীত দৰং আৰু ওদালগুৰি জিলাৰ প্ৰতিটো শিক্ষা খন্ডৰ পাচগৰাকীকৈ মুঠ ৩০ গৰাকী খন্ড সমল গোটৰ সদস্য ই  অংশগ্ৰহণ কৰে। দৰং ডায়েটৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড: মঞ্জু চুতীয়া ৰ তত্বাৱধানত চলা  এই কাৰ্যসূচীত মুখ্য সমন্বয়ক দৰং ডায়েটৰ প্ৰবক্তা (শাৰীৰিক শিক্ষা) পিকুমনি শইকীয়াই আৰম্ভণি অনুষ্ঠান উদ্ধোধন কৰি কয় যে এই কাৰ্যসুচীৰ জৰিয়তে শিক্ষক সকলে খেলৰ মাধ্যমেৰে শিক্ষাদানৰ লগতে শিক্ষাৰ্থীসকলৰ  স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাৰ বাবে তথা ভৱিষ্যতে কোনো এক ক্ৰীড়াত থকা পাৰদৰ্শিতা চিনাক্তকৰণৰ আৰু সেই দিশত আগুৱাই নিয়াৰ লগতে সামগ্ৰিক ,সংহত ,উপভোগ্য আৰু নিয়োজিত শিক্ষণৰ দক্ষতা বিকাশ কৰিব পাৰিব।

শাৰীৰিক আৰু মানসিক সুস্থতাক প্ৰসাৰিত কৰি জ্ঞানমূলক ক্ষমতা বৃদ্ধি কৰি আৰু শৈক্ষিক প্ৰদৰ্শন বৃদ্ধি কৰি সামগ্ৰিক বিকাশৰ পোষকতা কৰিবলৈ ক্ৰীড়াক শিক্ষাত একত্ৰিত  কৰিব পাৰিব লগতে বিভিন্ন থলুৱা খেল আৰু ক্ৰীড়া , শাৰীৰিক সুস্থতা,ড্ৰিল ,সৰু সৰু খেল ,এৰোবিক্স আৰু যোগাসন আদি শিক্ষাত অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীসকলক আগবঢ়াই লৈ যোৱাত সহজ হ'ব।

অংশগ্ৰহণকাৰী শিক্ষক সকলে অতি সক্ৰিয় সহযোগিতাৰে গ্ৰহণ কৰা এই কাৰ্যসুচীটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে দৰং ডায়েটৰ প্ৰবক্তা ক্ৰমে পিকুমনি শইকীয়া,পিংকি ঘোষ,ড: হিমাংশু গোস্বামী , দৰং বি টি চিৰ ৰৈৰুৱ ব্ৰহ্ম , দৰঙৰ বিদ্যালয় সমূহৰ শাৰীৰিক প্ৰশিক্ষক ক্ৰমে মোবাৰক হুচেইন,মৃণাল কলিতা আৰু দিলীপ শৰ্মাই।