ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ছিপাঝাৰ শিক্ষা খণ্ডত নিপুণ অসমৰ প্ৰশিক্ষণ আৰম্ভ
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ছিপাঝাৰ শিক্ষা খণ্ডত নিপুণ অসমৰ প্ৰশিক্ষণ আৰম্ভ
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ছিপাঝাৰ শিক্ষা খণ্ডত নিপুণ অসমৰ প্ৰশিক্ষণ আৰম্ভ।
সংবাদ ডিজিটেল, ছিপাঝাৰ,৫ ডিচেম্বৰ: সমগ্ৰ শিক্ষা, দৰঙৰ অধীনত ছিপাঝাৰ শিক্ষা খণ্ডৰ উদ্যোগত আজিৰ পৰা পাঁচ দিনীয়া নিপুণ অসমৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী ছিপাঝাৰ শিক্ষা খণ্ডত চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হৈছে।বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, ছিপাঝাৰ একাডেমী, বৰনৈ ছিনিঅ'ৰ চেকেণ্ডাৰী আৰু নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰি শতাধিক শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰশিক্ষণ কেন্দ্ৰত সমগ্ৰ শিক্ষা, দৰং জিলাৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া হেমপ্ৰভা ডেকাই শিক্ষকসকলক এই প্ৰশিক্ষণৰ উদ্দেশ্য, নিপুণ অসমৰ লক্ষ্য আৰু ইয়াক শ্ৰেণীকোঠাত সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। ঢেকীপাৰা আৰু ঘোৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই পৰিচালনা কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত দৰং জিলাৰ জিলা প্ৰকল্পক দিব্যপদ নাথেও ইয়াৰ কাৰ্যকাৰিতাৰ ওপৰত ব্ক্তব্য ৰাখে।
এই প্ৰশিক্ষণ কেন্দ্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে ধকমান শ্ৰেষ্ঠ, মিতালী দাস, কৌশিক ডেকা, ৰীতা গয়াৰী আৰু পূৰবী বৰুৱাই।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ছিপাঝাৰ শিক্ষা খণ্ডত নিপুণ অসমৰ প্ৰশিক্ষণ আৰম্ভ
সংবাদ ডিজিটেল, ছিপাঝাৰ,৫ ডিচেম্বৰ: সমগ্ৰ শিক্ষা, দৰঙৰ অধীনত ছিপাঝাৰ শিক্ষা খণ্ডৰ উদ্যোগত আজিৰ পৰা পাঁচ দিনীয়া নিপুণ অসমৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী ছিপাঝাৰ শিক্ষা খণ্ডত চাৰিটা কেন্দ্ৰত অনুষ্ঠিত হৈছে।বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, ছিপাঝাৰ একাডেমী, বৰনৈ ছিনিঅ'ৰ চেকেণ্ডাৰী আৰু নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰি শতাধিক শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।
খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰশিক্ষণ কেন্দ্ৰত সমগ্ৰ শিক্ষা, দৰং জিলাৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া হেমপ্ৰভা ডেকাই শিক্ষকসকলক এই প্ৰশিক্ষণৰ উদ্দেশ্য, নিপুণ অসমৰ লক্ষ্য আৰু ইয়াক শ্ৰেণীকোঠাত সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। ঢেকীপাৰা আৰু ঘোৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই পৰিচালনা কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত দৰং জিলাৰ জিলা প্ৰকল্পক দিব্যপদ নাথেও ইয়াৰ কাৰ্যকাৰিতাৰ ওপৰত ব্ক্তব্য ৰাখে। এই প্ৰশিক্ষণ কেন্দ্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে ধকমান শ্ৰেষ্ঠ, মিতালী দাস, কৌশিক ডেকা, ৰীতা গয়াৰী আৰু পূৰবী বৰুৱাই।