মুছলিম ঘোপা বালিকা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন

মুছলিম ঘোপা বালিকা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন

মুছলিম ঘোপা বালিকা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন
মুছলিম ঘোপা বালিকা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন


মুছলিম ঘোপা বালিকা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ উদযাপন
সংবাদ ডিজিটেল, ছিপাঝাৰ,৮ জানুৱাৰী: চৰকাৰী বিদ্যালয় সমূহ ৰাইজে জীয়াই ৰাখিব লাগিব। বৰ্তমান চৰকাৰী বিদ্যালয় সমূহত যথেষ্ট দক্ষ আৰু প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে।

তথাপিও কিছু সংখ্যক বিদ্যালয় বাদ দি বহুত বিদ্যালযত ল'ৰা ছোৱালীৰ নামভৰ্তিৰ হাৰ কমি আহিছে। দিনক দিনে চৰকাৰী বিদ্যালয় সমূহ ছাত্ৰ ছাত্ৰী ৰ কাৰণে বন্ধ কৰিব লগীয়া হোৱাটো শুভ লক্ষণ নহয়। আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ যথেষ্ট সম্ভাৱনীয়তা আছে, পাৰদৰ্শিতা আছে। পাকিস্তানৰ জীয়ৰী মালালা ইউচাফাজাইয়ে যদি কম বয়সতে ন'বেল বটা লাভ কৰিব পাৰে আমাৰ ছাত্ৰ ছাত্ৰী য়ে নোৱাৰাৰ কথা নাই।

মাথো তোমালোকে চেষ্টা কৰিব লাগিব। এই ব্যক্তব্য আগবঢ়াই  দৰং গৌৰৱ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক শশাংক হাজৰিকাই।  আজি সমগ্ৰ শিক্ষা দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খন্ডৰ অন্তৰ্গত ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ উদ্যোগত মুছলিম ঘোপা প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে  ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। ঢেকীপাৰা আৰু ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাৰ পৰিচালনাত চলা  উক্ত অনুষ্ঠানত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে  মুছলিম ঘোপা বালিকা প্ৰাথমিক ও প্ৰধান শিক্ষক গোলাম মহিউদ্দিন জিলানীয়ে।

গছপুলি ৰোপণ কৰে বৰঙ্গাবাৰী প্ৰাথমিক বিদ্যালয়ৰ অবসৰী প্ৰধান শিক্ষক নুৰুল আমিনে। ইয়াৰ পিছত এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে ১ নং পিপিৰাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উত্তম কুমাৰে। শিক্ষক  শিক্ষয়িত্ৰী ক্ৰমে মিৰ্জাফৰ হুছেইন, ৰঞ্জুমণি নাথ ,চফিকুল ইছলামৰ পৰিচালনা ত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা ই আত ধৰা কেন্দ্ৰটোৰ অন্তৰ্গত আটাইকেইখন বিদ্যালয়ৰ বাচনিকৃত কিছুসংখ্যক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকে গীত-মাত-কবিতা -নৃত্য বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । দৰঙী লোককৃষ্টিৰ অন্যতম কৃষ্টি ওজাপালি আৰু যোগ ও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি ছিপাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক ইনামূল হক আৰু ছিপাঝাৰ শিক্ষা খন্ডৰ খন্ড সমল ব্যক্তি গীতা ৰাণী দেৱীয়ে সাবলীন ব্যক্তব্য ৰখাৰ উপৰিও গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে  উত্তম কুমাৰ আৰু বাবলী দেৱীয়ে গীত পৰিবেশন কৰাৰ উপৰিও নিভা ডেকা মহন্ত আৰু ৰঞ্জুমণি নাথে কবিতা আবৃত্তি কৰে। প্ৰধান শিক্ষয়িত্ৰী ৰিজুৰেখা দেৱীয়েও চমু বক্তব্য দাঙি ধৰে। শতাধিক ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে শান্তি দেৱী,মনিষা শৰ্মা, প্ৰণতি নাথ, মৌচুমী ৰেজিয়া,মমতাজ ইয়াচমিন , ধনঞ্জয় চহৰীয়া , নাচৰিন হেলিন,এলিজা বেগম,চাজিদা বেগম ৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ অন্তত খেল-ধেমালি প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত সকলক পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।শলাগৰ  শৰাইৰ আগবঢ়ায় সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই।

এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হল ৰাইজক বিদ্যালয়ত জড়িত কৰি বিদ্যালয় সমূহৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা।