বিশিষ্ট সমাজ সেৱক ভূমিধৰ শৰ্মাৰ মৃত্যুত দেওমৰনৈত শোকৰ ছাঁ 

         দৰং জিলাৰ দেওমৰনৈ বড়িগাঁও নিৱাসী  বিশিষ্ট সমাজসেৱক,অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰী কৰ্মচাৰী ভূমিধৰ শৰ্মাৰ আজি দিনৰ ১২-৩০ বজাত মৃত্যু হোৱাৰ খৱৰে দেওমৰনৈ অঞ্চলত শোকৰ ছাঁ পেলাইছে। বড়িগাঁও আৰু দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তি গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ ললে  গুণমুগ্ধ সকল তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

            শৰ্মা দেৱক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ দেওমৰনৈৰ পৰা নি থকা অৱস্থাত আজি ৭৮ বছৰ বয়সত স্বৰ্গগামী হয়।
তেখেতৰ মৃত্যুত বড়িগাঁও শ্ৰীশ্ৰী মা কামাখ্যা মন্দিৰ পৰিচালনা সমিতি, বড়িগাঁও কৃষি আৰু গ্ৰামোন্নয়ন সংঘ, পুথিভঁৰাল, জাপ মৰা বড়ি আঞ্চলিক শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা সমিতি,দেওমৰনৈ সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা মন্দিৰ পৰিচালনা সমিতি,দেওমৰনৈ সাহিত্য সভা,বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা লগতে বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।তেখেতৰ বিয়োগত অসম সাহিত সভা প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, দেওমৰনৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মতিৰাম শইকীয়া , ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু  বহুতো গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
মৃত্যুৰ সময়ত তেখেতে পত্নী, ভাতৃ,ভগ্নী,দুই পুত্ৰ,বোৱাৰী,জী-জোৱাই আৰু বহুতো আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।