দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন

দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন

দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন
দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন

দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন????
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গড় লৈ উঠা অসমৰ বিভিন্ন জিলাত কেঞ্চাৰ কেন্দ্ৰৰ অন্যতম দৰং কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত দৰং কেঞ্চাৰ কেন্দ্ৰত বিভিন্ন কাৰ্যসুচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰে। ৰাতিপুৱা প্ৰায় ৯.৩০ মান বজাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ পৰাৰ বিশ্ব কৰ্কট দিৱস উপলক্ষে এক ৰেলী উলিয়াই । বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি উলিওৱা কেঞ্চাৰ সজাগতা মুলক ৰেলী উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াই। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ গ্ৰহন কৰি থকা নাৰ্চ সকলে অংশগ্ৰহন কৰে। কেঞ্চাৰ ৰোগৰ সাৱধানতা আৰু সজাগতা মুলক শ্লোগান হাতে হাতে প্লে কাৰ্ড লৈ অংশগ্ৰহন কৰে আৰু শ্লোগান সমূহ ধুম্ৰপান কৰক বৰ্জন, স্বাস্থ্য হৈছে সৰ্বোত্তম ধন,নিচাক নাকচ কৰা জীৱনক আকোৱালি লোৱা,সজাগ হওঁক কৰ্কট ৰোগৰ বিৰোদ্ধে যুঁজক ,লাজ নকৰি সচেতন হওক প্ৰাথমিক চিনাক্তৰ বাবে আগুৱাই আহক,ইত্যাদি শ্লোগান লৈ মঙলদৈ চহৰৰ মাজেৰে উলিওৱা ৰেলীত‌ প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে। দৰং কেঞ্চাৰ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস উপলক্ষে কেঞ্চাৰ সজাগতা সভা এখনি অনুষ্ঠিত হয়।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই আঁত ধৰা কেঞ্চাৰ সজাগতা সভাত উপস্থিত থাকি বিশ্ব কৰ্কট দিৱসৰ লগতে কেঞ্চাৰ ৰোগৰ সজাগ আৰু সাৱধানতাৰ উপৰত বক্তব্য দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ৰমেশ চন্দ্ৰ গোস্বামী,দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ সীবা সেন্থ মেয়ৰ,ডা০ মানস ৰঞ্জন সেনাপতি,ডা০ ছহিদুল ইছলাম,অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী,ভাৰতীয় ৰেডক্ৰচ ছছাইটি দৰং জিলা সমিতিৰ সম্পাদক হৰিচন্দ্ৰ শৰ্মা,ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক ৰ উপসভানেত্ৰী প্ৰেমদা ভূঞা,খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা,ভাৰতীয় জনতা পাৰ্টীৰ মঙলদৈ মণ্ডলৰ সভানেত্ৰী গীতিমা দাস,খাটনীয়াপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী অনিতা ৰাজবংশী,স্বেচ্চাসেৱী সংগঠন হেল্পিং হেণ্ডৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাস,দৰঙৰ জ্যেষ্ঠ সাংবাদিক ময়ূখ  গোস্বামী,কৰ্কট ৰোগী,উষাৰাণী নাথ,হৰেশ্বৰ নাথ,ৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী গৌতম সন্দিকৈ,দীপমনি শৰ্মা,চবনম নাৰ্গিচ হুছেইন,জেচমিনআৰা বেগম,নয়না শৰ্মা,অৰুন গোঠী,দীপু ডেকা,গকুল ডেকা,মঙলদৈ জি.এন প্ৰশিক্ষন কেন্দ্ৰৰ প্ৰশিক্ষক চন্দ্ৰমীতা বৰ‌মন,স্বেচ্ছাসেৱী অনুষ্ঠান আশাৰ আলোক,মানুহে মানুহৰ বাবে দৰং অসমৰ সদস্য জিতুমণি চহৰীয়া,হেল্পিং হেণ্ড সংস্থাৰ সদস্য অমল চন্দ্ৰ কলিতা,অনুপমা কুৰ্মী,ইউনিটি উই দ্যা ব্লাড ড'নাৰচ ৰ

সদস্য কিশোৰ চহৰীয়া,অঞ্জলি শৰ্মা,ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সদস্যা ৰানী দেৱী,ৰেনু নাথ,শীলা চহৰীয়া,বিনীতা শইকীয়া,মঙলদৈ মিডিয়া ফৰামৰ সম্পাদক নৱ মহন্ত ,সাংবাদিক মৃদুল হাজৰিকা,উজ্জল জ্যোতি ডেকা ৰ লগতে কেইবাটাও সামাজিক অনুষ্ঠানৰ ব্যক্তি উপস্থিত থকাৰ লগতে কেঞ্চাৰ ৰোগী,মঙলদৈ জি এন প্ৰশিক্ষন কেন্দ্ৰৰ প্ৰশিক্ষণাৰ্থী সকলৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী সকল ।