দৰং জিলাৰ ৫৯,০৪৭ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৫ নং কিস্তিৰ ধন

দৰং জিলাৰ ৫৯,০৪৭ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৫ নং কিস্তিৰ ধন

দৰং জিলাৰ ৫৯,০৪৭ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৫ নং কিস্তিৰ ধন
দৰং জিলাৰ ৫৯,০৪৭ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৫ নং কিস্তিৰ ধন

জনসংযোগ,দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৮৬/২০২৩

*দৰং জিলাৰ ৫৯,০৪৭ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৫ নং কিস্তিৰ ধন*

মঙলদৈ, ১৫ নৱেম্বৰ: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “লাইভ ৱেৱকাষ্ট” ৰ জৰিয়তে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ‘ ১৫ নং কিস্তিৰ ১৮,০০০ কোটিৰো অধিক ধনৰাশি দেশৰ আঠ কোটিৰো অধিক যোগ্য হিতাধিকৰীৰ বাবে মুকলি কৰি দিয়ে । দৰং জিলাৰ ৫৯,০৪৭ গৰাকী যোগ্য হিতাধিকাৰীয়ে নিজৰ নিজৰ একাউণ্টত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে লাভ কৰিব ১৫ নং কিস্তিৰ ধন  । “জনজাতীয় গৌৰৱ দিৱস”  উপলক্ষে ঝাৰখণ্ডৰ খুন্তিৰ বীৰছা মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী  গৰাকীয়ে  বিশ্বৰ সৰ্ববৃহৎ প্রত্যক্ষ লাভ হস্তান্তৰ আঁচনিসমূহৰ অন্যতম  পি. এম কিষাণ আঁচনিৰ ১৫ নং কিস্তিৰ ধন কৃষকৰ বাবে মুকলি কৰি দিয়ে। 

আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলা কৃষি বিভাগৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় আৰু পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। প্ৰায় দুই শতাধিক কৃষক ৰাইজে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত “লাইভ ৱেৱকাষ্ট” অনুষ্ঠানত জিলা কৃষি বিষয়া  জিতেন্দ্ৰ চহৰীয়া, মঙ্গলদৈ মহকুমা কৃষি বিষয়া দিবাকৰ ডেকা, বঙলাগড় কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া তথা পি এম কিষাণৰ জিলা ন‘ডেল বিষয়া  শিৰোমণি ফুকন,  বালিপোতা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া জাবিৰ আহমেদ, কনিষ্ঠ সহায়ক নৱ কুমাৰ চহৰীয়া, মিডিয়া বিশেষজ্ঞা ৰূপ্লী বৰা‌কে ধৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে। আনহাতে পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত মহকুমা কৃষি বিষয়া সুৰজিত দাস, দুনী  কৃষি চক্ৰৰ  কৃষি উন্নয়ন বিষয়া  বীৰেনসিং পেগু,  দুমুনিচকী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া  অনুপেন্দ্ৰ নাৰায়ন দেৱ উপস্থিত থাকে। 

জিলা কৃষি বিষয়া জিতেন্দ্ৰ চহৰীয়া আৰু  মহকুমা কৃষি বিষয়া দিবাকৰ ডেকাই এই অনুষ্ঠানত কৃষক সকলক ধাননি পথাৰত বৰ্তমান দেখা দিয়া অনিষ্টকাৰী শুঁৰ পোক নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ লগতে এনে প্ৰাকৃতিক বিপদৰ  পৰা হোৱা আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ পূৰ্বে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা  অধীনত নিজৰ খেতি দৰা বীমা কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও ধান ক্রয় কেন্দ্ৰত কৃষক সকলে উৎপাদিত ধান প্ৰতি কুইণ্টলত  ২১৮৩ টকাকৈ বিক্ৰী কৰি লাভৱান হব পাৰে বুলিও তেওঁলোকে কয়  ।