আমি সকলোৱে প্ৰতিদিনে বাতৰি কাকত পঢ়াৰ এটা ইতিবাচক পৰিবেশ গঢ়ি তোলোঁ আহক।
আমি-সকলোৱে-প্ৰতিদিনে-বাতৰি-কাকত-পঢ়াৰ-এটা-ইতিবাচক-পৰিবেশ-গঢ়ি-তোলোঁ-আহক।
অতি সম্প্ৰতি বাতৰি কাকতৰ বিক্ৰী একেবাৰে কমি গৈছে। এয়া ম'বাইলৰ প্ৰভাৱ বুলিয়েই ক'ব লাগিব। মানুহৰ মুখে মুখে এটা কথাই প্ৰচলিত যে আজিকালি হেনো ম'বাইলত খা-খবৰবোৰ পঢ়িবলৈ পোৱা যায়। তেনেস্হলত পইচা খৰচ কৰি বাতৰি কাকত পঢ়াৰ কি প্ৰয়োজন? আচলতে, এয়া ভুল কথা। কিয়নো, বাতৰি কাকত এখনত কেৱল যে খবৰবোৰেই উপলব্ধ তেনে নহয়। এখন কাকত, দৈনিক বা সাপ্তাহিক যিয়েই নহওঁক কিয়; অধিকাংশই একো একোখন সৰ্বাংগ সুন্দৰ পূৰ্ণাংগ কাকত বুলি ক'লে বঢ়াই কোৱা নহ'ব চাগে। য'ত হেজাৰ-বিজাৰ জানিবলগীয়া কথা-বাৰ্তা থাকে। কাকত বুলি কওঁতে সাধাৰণতে তথ্যসমৃদ্ধ মেটমৰা জ্ঞান-প্ৰজ্ঞাৰ সম্ভাৰেৰে পৰিপূৰ্ণ হোৱাটোকেই বুজায়। তৎসত্বেও আমাৰ সমাজখনৰ কিছুমান মানুহে উক্ত কথা(অমূলক)কয় কিয়? এয়া আৱেগিক দৈন্য নে আন কিবা? বেছি দুখ লাগে যেতিয়া একো একোজন শিক্ষিত মানুহে তেনেকুৱা ধৰণৰ কথা কয়। কিছুমান যেনিবা আৰু এখোপ চৰা, এইসকলে কোৱা শুনো--- বাতৰি কাকত কিনাতকৈ সেই পইচাখিনি জমা থোৱাই ভাল; সময়ত কিবা কামত আহিব। এয়া কিমান যে লজ্জাজনক কথা, ভাবি সঁচাকৈয়ে আচৰিত হওঁ। জীৱন পথত মানুহে প্ৰতিদিনে কিমান টকা-পইচা অবাবত খৰচ কৰে, তাৰ হিচাপ ৰাখে জানো? গুট্খা-পানমছলা, চিগাৰেট, মদ ইত্যাদি স্বাস্থ্যৰ অৱনতি ঘটা নিচাযুক্ত দ্ৰব্যবোৰ খাই কত কিমান পইচা খৰচ কৰে, তেনেস্হলত এখন দৈনিক বাতৰি কাকত আঠ-ন টকা খৰচ কৰি কিয় পঢ়িব নোৱাৰে! আচলতে, সদিচ্ছাৰ অভাৱ কিন্তু দৈনিক বাতৰি কাকত এখন পঢ়াটো একান্তই আৱশ্যক। যিটো হ'ব লাগে মানৱ জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ। সৰ্বসাধাৰণ মানুহে পঢ়িব পৰাকৈ বিশেষকৈ অসমীয়া-ইংৰাজী ভাষাৰ কাকত(দৈনিক-সাপ্তাহিক) ঠায়ে ঠায়ে সহজতে উপলব্ধ।
কেতিয়াবা দূৰণিবটীয়া ঠাইলৈ যাত্ৰা কৰোঁতে বাছতে কাকত পঢ়িব পাৰি। হেপাঁহৰ কাকতখন যেনিবা বাছ আস্থানতে পোৱা যায়; সেয়ে, এবাৰ ভাবি চোৱা উচিত: এখন কাকতে মানুহক কেনেদৰে সংগীত্ব প্ৰদান কৰে নিসংগতা আঁতৰাই। অন্ততঃ এটা কথা অন্ত:কৰণেৰে মনত পোষণ কৰা জৰুৰী যে কাকত এখন কেৱল নিজৰ বাবেই নহয়, সমগ্ৰ পৰিয়ালটোৰ বাবেই প্ৰয়োজনীয়। যিহেতু কাকত এখনত উপলব্ধ প্ৰবন্ধ তথা লিখনিৰ পৰা বহু গুৰুত্বপূৰ্ণ কথা পঢ়িব-শিকিব পাৰি। যিবোৰ সচৰাচৰ লিখে বিজ্ঞ-প্ৰাজ্ঞ ব্যক্তিয়ে। এই বহুমূলীয়া প্ৰবন্ধ-লিখনিৰ জৰিয়তে সাধাৰণ মানুহে লাভ কৰিব পাৰে সুষম মানসিক খাদ্য-ব্যঞ্জন। অশান্তিয়ে আমনি কৰা মন পৰিপূৰ্ণ কৰিব পাৰে শান্তিৰ অনাবিল সমাহাৰেৰে। যিয়ে আমাক আশাব্যঞ্জকভাবে পৰিপূৰক ভাষা জ্ঞানো প্ৰদান কৰিব পাৰে। মানৱ মগজুক যোগান ধৰিব পাৰে সদৰ্থক চিন্তাৰ খোৰাক। এইখিনিতে, এটা স্পৰ্শকাতৰ কথা উনুকিয়াব বিচাৰিছোঁ যে কাকত এখনক জীয়াই ৰাখিবলৈ প্ৰয়াস বা প্ৰচেষ্টা অব্যাহত ৰখাটো নাগৰিক হিচাপে সকলোৰে কৰ্তব্য। কিয়নো, এখন কাকতৰ জৰিয়তে একো একোটা পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে। সেয়ে আহক--- আমি সকলোৱে প্ৰতিদিনে দৈনিক বাতৰি কাকত পঢ়াৰ এটা ইতিবাচক পৰিবেশ গঢ়ি তোলোঁ। তেতিয়া নিজৰ লগতে কাকতত জড়িত পৰিয়ালবোৰো উপকৃত হ'ব।
সদৌ শেষত, এটা কথা দৃঢ় প্ৰত্যয়েৰে কওঁ: যদিও বৰ্তমান যান্ত্ৰিক যুগ, ম'বাইল এখন দৈনিক বাতৰি কাকতৰ পৰিপূৰক হ'ব নোৱাৰে কেতিয়াও। ঘৰৰ ভিতৰতেই হওঁক বা গছৰ তলতেই হওঁক, দুহাতত লৈ কাকত পঢ়াৰ মাদকতা সম্পূৰ্ণ সুকীয়া। অতুলনীয়। কোনো যন্ত্ৰই এই আৱেগমধুৰ মাদকতাক নিব নোৱাৰে কাঢ়ি। আৰু নহয় বিলুপ্তও। গতিকে, প্ৰত্যেকে কাকত পঢ়াৰ বাসনা-জিজ্ঞাসাক মনস্থ কৰাৰ লগতে অৱচেতন মন(Subconscious)ত ইয়াক স্বায়িত্ব দিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত।
হেৰম্ব নাথ