কলাইগাঁও আৰু দলগাঁৱত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান

কলাইগাঁও আৰু দলগাঁৱত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান

কলাইগাঁও আৰু দলগাঁৱত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান
কলাইগাঁও আৰু দলগাঁৱত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান

কলাইগাঁও আৰু দলগাঁৱত খেল মহাৰণৰ সমষ্টিভিত্তিক উদ্ধোধনী অনুষ্ঠান

মঙলদৈ, ১ ডিচেম্বৰ: আজি দৰং জিলাৰ কলাইগাঁও আৰু দলগাঁও বিধানসভা সমষ্টিত খেল মহাৰণ, ২০২৩ ৰ বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন অনুষ্ঠিত হয়।


       আজি কলাইগাঁও জুনিয়ৰ কলেজৰ খেলপথাৰত আয়োজিত  কলাইগাঁও সমষ্টিভিত্তিক খেল মহাৰণ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক দুৰ্গাদাস বড়োৱে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আয়োজন কৰা এই খেল মহাৰণ প্ৰতিযোগিতাই ৰাজ্যখনৰ গাঁৱে-ভুঞে থকা ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ বাবে এক উপযুক্ত মঞ্চ দিছে। এই অভিনৱ কাৰ্যসূচীৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰসংশা কৰে।

ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে বৰ্তমান চৰকাৰে ক্ৰীড়াৰ আন্ত:গাঠনি নিৰ্মাণৰ পৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰা খেলুৱৈসকলৰ উপযুক্ত কৰ্মসংস্হাপনলৈকে আগবঢ়োৱা বিভিন্ন সা-সুবিধাৰ কথা উল্লেখ কৰে।খেল মহাৰণৰ পঞ্চায়ত পৰ্য্যায়ৰ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি বিধানসভা পৰ্যায় পোৱা কলাইগাঁও সমষ্টিৰ খেলুৱৈসকলে জিলা আৰু ৰাজ্যিক পৰ্যায়তো সফলতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে খেল মহাৰণত জিলাখনৰ পঞ্জীয়ন কৰা খেলুৱৈৰ সংখ্যা যথেষ্ঠ উৎসাহজনক। কলাইগাঁও সমষ্টিৰ খেলুৱৈয়ে জিলা পৰ্যায়তো ফুটবল, ভলীবল, কাবাডী আৰু খো-খোৰ দলত স্থান লাভ কৰাৰ লগতে দৌৰত সফলতা অৰ্জন কৰি ৰাজ্যিক পৰ্যায়তো তেওঁলোকৰ সফলতা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। খেলুৱৈসকলক উদ্দেশ্যি তেওঁ কয় যে সন্মূখত সংগ্ৰামৰ পথ আছে।

তেওঁলোকে যথোচিত অনুশীলন তথা কষ্টেৰে এই সংগ্ৰামত জয় লাভ কৰিব লাগিব। দৃঢ়সংকল্প, উৎসৰ্গাৰ মনোভাৱ আৰু নিষ্ঠাৰে সৈতে আগবাঢ়ি গ'লে তেওঁলোকে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি জিলা আয়ুক্ত গৰাকীয়ে লগতে কয় । আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি সুখ্যাত লন বল খেলুৱৈ অৰ্জুন নয়নমনি শইকীয়াই কয় যে প্ৰতিভাৰ সন্মূখত কোনেও বাধাৰ সৃষ্টি কৰিব নোৱাৰে । কিন্তু প্ৰতিভাৰ লগতে সৎ মন আৰু সৎ প্ৰচেষ্টাও লাগিব । তেওঁ এগৰাকী খেলুৱৈৰ জীৱনত নিয়মানুব‌ৰ্তিতা আৰু আত্মবিশ্বাসৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে।


          আজি দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দলগাওঁ বিধানসভা সমষ্টিৰ খেল মহাৰণৰ কাৰ্যসূচীৰ শুভ উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক মজিবুৰ ৰহমানে কয় যে খেল মহাৰণে গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিব । খেল মহাৰণত অংশ লোৱা গ্ৰামাঞ্চলৰ খেলুৱৈয়ে সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ত সফলতা অৰ্জন কৰিলে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ৰীড়ালৈও নিজকে সাজু কৰিব পাৰিব।

এই অভিনৱ কাৰ্যসূচী গ্ৰহণৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে ভাষণত কয় যে নৱপ্ৰজন্মই শিক্ষাৰ লগতে ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰতো আগুৱাই যাব লাগিব। খেল মহাৰণ আৰু  অসম সাংস্কৃতিক মহাসংগ্ৰামে নৱপ্ৰজন্মক এনেদৰে আগবাঢ়ি যোৱাৰ  সুযোগ প্ৰদান কৰিছে বুলি তেওঁ মন্তব্য কৰে। আজিৰ এই উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত জোনতি ডেকাইয়ো ভাষণ প্ৰদান কৰে।

      আজি কলাইগাঁও আৰু দলগাঁও বিধানসভা সমষ্টিৰ খেল মহাৰণৰ উদ্ধোধনী অনুষ্ঠানত খেলুৱৈসকলৰ লগতে শিক্ষক, ছাত্ৰ-ছাত্ৰী, ক্ৰীড়াবিদ, ক্ৰীড়ানুৰাগী ব্যক্তি আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।