খাইৰুল হকৰ বিয়োগ
খাইৰুল হকৰ বিয়োগ
সমাজকৰ্মী খাইৰুল হকৰ বিয়োগত সানোৱা আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংস্থাৰ শোকসভা
দুমুনিচকী ৬ আগষ্ট :সম্প্ৰতিক সময়ত ছিপাঝাৰৰ বৃহত্তৰ সানোৱা অঞ্চলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, যুৱ কল্যাণ, সামাজিক উন্নয়ণ আদি সকলো ক্ষেত্ৰতে আগৰণুৱা স্বেচ্ছাসেৱী অনুষ্ঠান সানোৱা আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংস্থাক প্ৰয়োজন অনুসৰি সৰ্বতো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই অহা স্থানীয় কমাৰপাৰা নিবাসী , বিশিষ্ট ব্যক্তি, সমাজ হিতৈষী খাইৰুল হকে(সৰু) ১ আগষ্ট নিশা মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেখেতৰ ৰুহৰ মাগফিৰাৎ আৰু পৰিয়ালবৰ্গক ধৈৰ্যধাৰণ কৰিবলৈ শক্তি দিবৰ বাবে পৰম কৰুণাময় আল্লাহ পাকৰ ওচৰত দোৱা কৰা হয় ৷ উল্লেখ্য যে সংঘৰ তৰফৰ পৰা মৃতকৰ জীৱন- কৰ্মৰ ওপৰত হোৱা পৰ্যালোচনাত তেখেতৰ উদাৰতা, সহায় সুলভ মানসিকতা , সকলো শ্ৰেণীৰ ব্যক্তিৰ সৈতে সহৃদয়তাপুৰ্ণ সম্পৰ্ক , সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি থকা আন্তৰিকতাপুৰ্ণ দায়বদ্ধতা , আৰু এগৰাকী সফল অভিভাৱক হিচাপে সকলো দিশৰ কৃতকাৰ্যতাৰ ওপৰত আলোকপাত কৰি এনে ব্যক্তিত্বৰ অভাৱ পৰৱৰ্তী সময়ত বৃহত্তৰ সানোৱা অ়ঞ্চলৰ ৰাইজে বাৰুকৈয়ে অনুভৱ কৰিব বুলি প্ৰকাশ কৰা হয় ৷