চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ শুভেচ্ছামূলক উপহাৰ
চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ শুভেচ্ছামূলক উপহাৰ
চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ শুভেচ্ছামূলক উপহাৰ
মঙলদৈ, ১৭ ফ্ৰেব্ৰুৱাৰী: দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে সাংবাদিকসকলে বৃহত্তৰ জনগণৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত সংবাদসেৱা পৰিবেশন কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ বাতৰিসমূহ গঠনমূলকভাৱে আগবঢ়াই দিবলৈ সাংবাদিকসকলক আহ্বান জনায়। সমাজৰ উন্নয়ন আৰু প্ৰগতিত সাংবাদিকসকলে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ গ্ৰহণ কৰি মঙ্গল বাতৰিৰ মুখ্য সম্পাদক প্ৰশান্ত বৰুৱা, সাংবাদিক ৰঞ্জিত কুমাৰ নাথ, আবুল খায়েৰ আৰু মকচেদ আলিয়েও বক্তব্য আগবঢ়ায়। নৱবৰ্ষত এনেদৰে শুভেচ্ছামূলক উপহাৰ আগবঢ়োৱাৰ বাবে সাংবাদিকসকলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়।অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকসকলৰ হাতত এই শুভেচ্ছামূলক উপহাৰ তুলি দিয়ে।
অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মানস শইকীয়া, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ইহচানুল হুছেইন, জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকল উপস্থিত থাকে।
উল্লেখ্য যে দৰং জিলাত ৪৭ গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আছে । জিলাখনৰ সমূহ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ এই শুভেচ্ছামূলক উপহাৰ আগবঢ়োৱা হৈছে।