দৰঙী ৰাইজে পথৰুঘাটত অনন্য ইতিহাস ৰচনা কৰিলে -মন্ত্ৰী অতুল বৰা

দৰঙী ৰাইজে পথৰুঘাটত অনন্য ইতিহাস ৰচনা কৰিলে -মন্ত্ৰী অতুল বৰা

দৰঙী ৰাইজে পথৰুঘাটত অনন্য ইতিহাস ৰচনা কৰিলে -মন্ত্ৰী অতুল বৰা
দৰঙী ৰাইজে পথৰুঘাটত অনন্য ইতিহাস ৰচনা কৰিলে -মন্ত্ৰী অতুল বৰা

দৰঙী ৰাইজে পথৰুঘাটত অনন্য ইতিহাস ৰচনা কৰিলে -মন্ত্ৰী অতুল বৰা

সংবাদ ডিজিটেল, মঙলদৈ, ২৮ জানুৱাৰী: পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ শ্বহীদসকলৰ সশ্ৰদ্ধ  সোঁৱৰণত  অনুষ্ঠিত হোৱা কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলাৰ আজি তৃতীয় দিনৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দৰঙৰ ৰাইজে পথৰুঘাটৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰি প্ৰদৰ্শন কৰা সাহস আৰু দেশপ্ৰেম ইতিহাসত অজৰ-অমৰ হৈ ৰ'ল। বৃটিছৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে সেই সময়ত অসমৰ বিভিন্ন স্থানত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দৰঙী কৃষকে পথৰুঘাটত আত্ম-বলিদান দি অনন্য ইতিহাসৰ ৰচনা কৰিলে।

তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে কৃষকসকলৰ আয় বৃদ্ধি তথা উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কৃষকৰ উন্নয়নৰ বাবে কৃষি যান্ত্ৰিকীকৰণ, উন্নত বীজৰ ব্যৱস্থা, নুন্যতম সমৰ্থ মূল্যত ধান ক্ৰয় কৰাৰ দৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে পথৰুঘাটত কৃষকসকলৰ প্ৰশিক্ষণকে ধৰি কৃষি আৰু উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়েও কয়।

শেহতীয়াকৈ অসমৰ পৰা দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশলৈ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিসংখ্যা দাঙি ধৰি আগন্তুক দিনত এই পৰিমাণ যথেষ্ট বৃদ্ধি পাব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই পথৰুঘাটৰ কৃষকৰ সংগ্ৰাম, তেওঁলোকৰ আত্মবলিদানৰ মহত্ব,ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা হিচাপে তেওঁলোকৰ ভূমিকাৰ কথা উল্লেখ কৰে।


      সভাত ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ধ্ৰুৱজ্যোতি বৰাই মোৱামৰীয়া বিদ্ৰোহকে ধৰি পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু অসমৰ বিভিন্ন স্থানত শাসকৰ অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ প্ৰজাৰ প্ৰতিবাদৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে।
   আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ ডাক বিভাগে প্ৰস্তুত কৰা ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি সম্বলিত লেফাফা উন্মোচন কৰে সাংসদ দিলীপ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকি মুখ্য ডাক মহাপ্ৰবন্ধক সুব্ৰত দাসেও ভাষণ প্ৰদান কৰে।


      আজিৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা, কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু,বিশিষ্ট লেখক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ শংকৰ দাস, বিশিষ্ট লেখক আৰু নাট্যকাৰ প্ৰফুল্ল বৰ্মন আদি কেইবাগৰাকী বক্তাই বক্তৃতা প্ৰদান কৰে। অসম চৰকাৰৰ কৃষি বিভাগৰ হৈ জনসংযোগ বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংক্ৰান্তীয় তথ্য চিত্ৰ মুকলি কৰে অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। এই মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়ায় দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে।


       এই অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰ ভিতৰত দৰঙৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা 'কলনিয়েল ৰেভিনিউ পলিচী এণ্ড পীজেন্ট্ৰী অৱ দৰং' নামৰ গৱেষণা গ্ৰন্থ খনো আছিল।
  অনুষ্ঠানত বিশিষ্ট শিল্পী বিদ্যাসাগৰ, বিৰিণা পাঠক, তৃষ্ণা দেৱী, প্ৰণামিকা গোস্বামীয়ে গীত পৰিৱেশন কৰে।