দেওমৰনৈ বি.এড.মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ
দেওমৰনৈ বি.এড.মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ
দেওমৰনৈ বি.এড.মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ
দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওমৰনৈ বি.এড.মহাবিদ্যালয়ত আজি দেওমৰনৈ বি এড মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন হেল্পিংহেণ্ড সংস্থা, দৰং কেঞ্চাৰ কেন্দ্ৰ, দৰং জিলা বিভাগ,
দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰ ৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে । উক্ত চিকিৎসা শিবিৰত কেঞ্চাৰ সজাগতা,স্ক্ৰিনিং, প্ৰাথমিক চিকিৎসা সেৱা, চকু পৰীক্ষা আদিৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা সেৱা আগবঢ়ায়।
দেওমৰনৈ বি.এড.মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত উপস্থিত থাকি কেঞ্চাৰ ৰোগৰ সজাগতা আৰু সাৱধানতা অৱলম্বনৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইছলামে আৰু বিভিন্ন চিকিৎসাৰ বিষয়ে অৱগত কৰে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা০ প্ৰহাৰ চক্ৰৱৰ্তীয়ে । আজিৰ এই চিকিৎসা শিবিৰত উপস্থিত থাকি প্ৰাথমিক চিকিৎসা চিকিৎসা সম্বন্ধীয় আৰু চিকিৎসাৰ বিভিন্ন দিশ লগতে স্ক্ৰিনিং আদিৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ জিলা স্বাস্থ্য বিষয়া দীপমনি শৰ্মা, দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়া, দৰং কেঞ্চাৰ কেন্দ্ৰৰ নাৰ্চ জেচমিন আৰা বেগম আৰু নয়না শৰ্মাই লগতে স্বাস্থ্য শিবিৰত উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায় দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাছিত জ্যোতি প্ৰসাদ শৰ্মা,নাৰ্চ ডিম্পল কাশ্যপ, দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী নিতুমনি দাস, হীৰক জ্যোতি শৰ্মা,খুৰ্চিদ আলম,শশীন বৰুৱা ,মুকুন্দ ডেকা, নাৰ্চ মেহেৰুন নেচাৰ লগতে গুৱাহাটীৰ জি এন আৰ চি হস্পিটেলৰ চিকিৎসক ডা০ ৰুবি বেগম,ডা০ জাহাঙ্গীৰ আলম, নাৰ্ছ জ্যোতিমা দেৱী,অনিতা তালুকদাৰ,ৰোগী সমন্বয়ক অনন্ত বৰুৱা ।
স্বেচ্ছাসেৱী অনুষ্ঠান হেল্পিংহেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাসে সঞ্চালনা কৰা অনুষ্ঠানত উপস্থিত থাকে দেওমৰনৈ বি.এড.মহাবিদ্যালয় ৰ অধ্যক্ষা চাৰুস্মৃতা মহন্ত, দেওমৰনৈ বি.এড মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক হিৰণ্য কুমাৰ শৰ্মা, দেওমৰনৈ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ বৰুৱা, দেওমৰনৈ বি.এড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ভাস্কৰ চহৰীয়া, স্বেচ্ছাসেৱী সংগঠন হেল্পিংহেণ্ড সংস্থাৰ সদস্য অমল চন্দ্ৰ কলিতাৰ লগতে দেওমৰনৈ বি .এড মহাবিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী মণ্ডলী, দেওমৰনৈ বি এড মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, উপস্থিত থাকে। চিকিৎসা শিবিৰত পাঁচ শতাধিক ৰ অধিক লোক উপস্থিত থাকি চিকিৎসা শিবিৰত চিকিৎসক সকলক দেখুওৱাই ।