বাপুজী বালিকা বিদ্যালয়ৰ বঁটা বিতৰণী সভা সম্পন্ন
বাপুজী বালিকা বিদ্যালয়ৰ বঁটা বিতৰণী সভা সম্পন্ন
বাপুজী বালিকা বিদ্যালয়ৰ বঁটা বিতৰণী সভা সম্পন্ন
দৰং জিলাৰ পশ্চিম প্ৰান্তৰ বিষ্ণুপুৰত অৱস্থিত নাৰী শিক্ষাৰ অগ্রণী শিক্ষানুষ্ঠান বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী আৰু ছাত্ৰী একতা সভাৰ ৩৯ তম বাৰ্ষিক অধিবেশনখনি আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
পুৱা পতাকা উত্তোলন, স্মৃতি তৰপন, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়নৰ অন্তত দিনৰ ১১-০০ বজাত অনুষ্ঠিত হয় মুকলি সভা। বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰী প্ৰধান শিক্ষক মদন মোহন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে অৱহৰী শিক্ষক ৰমেশ চন্দ্ৰ কুমাৰে ।
সভাত নিদিষ্ট বক্তা হিচাপে আমন্ত্ৰিত হৈ ভাষণ আগবঢ়ায় নৱজ্যোতি হাইস্কুলৰ অৱসৰী শিক্ষক তথা এসময়ৰ আছু কৰ্মী তনু ডেকাই। তেওঁ ভাষণত ছাত্ৰী সকলৰ পাঠ গ্ৰহণৰ লগতে সহ পাঠ্যক্ৰমিক দিশবোৰতো মনোনীবেশ কৰিবলৈ কয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বুঢ়া হাইস্কুলৰ প্ৰধান শিক্ষক তথা ৰাজ্যিক কৃতী বঁটাপ্ৰাপ্ত শিক্ষক ভূষণ চন্দ্ৰ চহৰীয়া ।
তেওঁ ভাষণত শিক্ষামূলক বক্তব্য আগবঢ়ায়। মুকলি সভাতে ভূষণ চন্দ্ৰ চহৰীয়াক এইবেলি ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰাত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
মুকলি সভাত প্ৰমোচনী পৰীক্ষাত স্থান লাভ কৰা প্ৰতিটো শ্ৰেণীৰে মেধাবী ছাত্ৰী সকলক বঁটা প্ৰদান খৰাৰ লগতে বাৰ্ষিক বিদ্যালয় সপ্তাহত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰী সকলকো পুৰস্কৃত কৰা হয়।
মুকলি সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা উদীয়মান কণ্ঠশিল্পী ডেইজী কুমাৰৰ গীতৰ অনুষ্ঠানে ছাত্ৰী সকলক আপ্লুত কৰি তোলে। ইয়িৰ লগতে সভাত বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীয়ে গীত, কবিতা আবৃত্তি , নৃত্য প্ৰদৰ্শন কৰি আজিৰ সভাখন সজীৱ কৰি তোলে।