মঙলদৈ ইউথ ক্লাৱত ৰবি শস্য শীৰ্ষক কৃষি কৰ্মশালা
মঙলদৈ ইউথ ক্লাৱত ৰবি শস্য শীৰ্ষক কৃষি কৰ্মশালা ; ৰবি শস্যৰ ৰোপণ আৰু যতনৰ ওপৰত আলোকপাত
মঙলদৈ ইউথ ক্লাৱত ৰবি শস্য শীৰ্ষক কৃষি কৰ্মশালা ; ৰবি শস্যৰ ৰোপণ আৰু যতনৰ ওপৰত আলোকপাত
সংবাদ ডিজিটেল,৭ নবেম্বৰ: মঙলদৈ ইউথ ক্লাৱত আই টি চি মিচনৰ আজি এক কৃষি কৰ্মশালা অনুষ্ঠিত হৈ যায়।দিনৰ ১১ বজাত অনুষ্ঠিত মূলতঃ ৰবি শস্যৰ খেতি ৰোপণ, শস্যৰ প্ৰতিপালন তথা সাৰ-পানী, দেখা দিব পৰা সম্ভাব্য বেমাৰৰ দৰৱ আদি প্ৰয়োগ আৰু ইয়াৰ যতনৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰা হয়।
ৰাজীৱ লোচন শৰ্মাই আঁতধৰা কৃষি উক্ত কৰ্মশালাখন উদ্বোধন কৰে দৰং জিলা কৃষি বিষয়া জিতেন্দ্ৰ চহৰীয়াই। প্ৰকল্পৰ বিষয়ে সুন্দৰ আৰু সাবলীন ভাবে আলোকপাত কৰে আৰ,জি,ভি,এনৰ কৃষি বিশেষজ্ঞ নৱাৱ তাচমিন আহমেদে। আনহাতে ৰবি শস্যৰ খেতি বিশেষকৈ বড়োধান আৰু সৰিয়হ খেতিৰ ওপৰত ভিডিঅ' পৰ্দা যোগে সুন্দৰ ভাবে বুজাই আলোকপাত কৰে কে ,ভি,কে দৰঙৰ বনস্মিতা বৰ্মনে ।বৰ্মনে কৃষি কৰ্মশালাখনে কৃষি ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আশা ৰাখি কৃষি ক্ষেত্ৰত দৰং জিলাখনে আগুৱাই যাব পাৰিব বুলিও আশা প্ৰকাশ কৰে।উক্ত কৰ্মশালাখনত অংশগ্ৰহণ কৰে কৃষি উন্নয়ন বিষয়া,কৃষি সম্প্ৰসাৰণ সহায়ক,কৃষি পৰিদৰ্শক,কৃষি প্ৰযুক্তি প্ৰৱন্ধক আৰু খণ্ড প্ৰযুক্তি প্ৰৱন্ধকে ধৰি প্ৰায় ৫০ গৰাকী বিষয়া কৰ্মচাৰী। কৰ্মশালাৰ অন্তত ৰাজীৱ লোচন শৰ্মাই কৰ্মশালাখনি সফল কৰি তোলাৰ বাবে উপস্থিত বিষয়া কৰ্মচাৰী সকললৈ ধন্যবাদ আৰু কতজ্ঞতা প্ৰকাশ কৰে।