কুঁহিয়াৰ কুছিৰ বিস্তীৰ্ণ কৃষি পথাৰত শূৰ পোকৰ আক্ৰমণঃ কৃষক ৰাইজৰ হাহাঁকাৰ--

সংবাদ ডিজিটেল ১০ নবেম্বৰ: কুঁহিয়াৰ কুছিৰ বিস্তীৰ্ণ কৃষি পথাৰত শূৰ পোকৰ আক্ৰমণঃ কৃষক ৰাইজৰ হাহাঁকাৰ

উপায়ন্তৰ কৃষি বিভাগ----

বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰলৈ আহ্বান।

এতিয়া  আঘোণৰ পথাৰত কৃষকৰ সোণ গুটি চপোৱাৰ বতৰ। কিন্তু এইসময়তে কৃষকৰ চকুত টোপনি নোহোৱা অবস্থা। কিয়নো এই সময়তে ওদালগুৰি  জিলাৰ খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত  শ শ বিঘা খেতি পথাৰত দেখা গৈছে শূৰ পোকৰ ব্যাপক আক্ৰমণ। এবিঘা, দুবিঘা নহয় এতিয়া শ শ বিঘা ধাননি পথাৰ শূৰ পোকৰ আক্ৰমণত আক্ৰান্ত।

ওদালগুৰি জিলাৰ সীমানন্তৱতী  কুঁহিয়াৰ কুছি,সাৰেং,মাল্ডাংপাৰা,সোহেনীপাৰা, বৰিপাৰা,বৈনাৰা,   আদি গাঁৱৰ শ শ বিঘা ধাননি পথাৰ এতিয়া শূৰ পোকে খাই এফালৰ পৰা তহিলং কৰি গৈছে‌। দিনত হলে ধানৰ চোপত লুকাই থাকি সন্ধিয়া হলে শ শ শূৰপোকে ধাননি পথাৰ ভৰি পৰেহি। কৃষক সকলে শুৰপোক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিছে যদিও সফল হব নোৱাৰি মূৰে-কপালে হাত দিছে।  এইক্ষেত্ৰত তেওঁলোকে ক্ষতিপূৰণৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰলৈ আহ্বান জনাইছে।

আনহাতে শূৰ পোকৰ আক্ৰমণ কৰাৰ বিষয়ে অৱগত হোৱাত লগে লগে,  কৃষি বিষয়া সকলে খেতি পথাৰ পৰিদৰ্শন কৰি কৃষক সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শুৰ পোকৰ পৰা কেনেদৰে হাত সাৰিবলৈ পাৰি তাৰ বিষয়ে কৃষক সকল পৰামৰ্শ দিয়ে।

নামখলাৰ পৰা সূদৰ্শন কলিতা