হাজী তকিবুদ্দিন আহমেদৰ মৃত্যু

হাজী তকিবুদ্দিন আহমেদৰ মৃত্যু

হাজী তকিবুদ্দিন আহমেদৰ মৃত্যু
হাজী তকিবুদ্দিন আহমেদৰ মৃত্যু

হাজী তকিবুদ্দিন আহমেদৰ মৃত্যু

দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী বৃহত্তৰ নগৰবাহী-চমুৱাপাৰা (সাতঘৰীয়াপাৰা) নিবাসী হাজী তকিবুদ্দিন আহমেদৰ  আজি দিনৰ ২বাজি ৪৫ মিনিটত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। তেখেতৰ জানাজা নামাজ আজি সন্ধিয়া ৮ বাজি ৪৫মিনিটত নগৰ বাহী কৰিমীয়া দাৰুল উলুম তথা হজৰত শ্বাহ ছুফী আলহাজ মৌলানা মহম্মদ হুছেইন চাহাবৰ মাজাৰৰ প্ৰাঙ্গনত সম্পন্ন  হয়।

মৃত্যুৰ সময়ত তেওঁ  সহধৰ্মিনী , বিবাহিত দুজনী কন্যা আৰু অসংখ্য আত্মীয় স্বজনক এৰি থৈ যায়।  মৃত্যুৰ সময়ত তেওঁৰ বয়স আনুমানিক ৭৩ বছৰ হৈছিল। তেওঁৰ মৃত্যুত মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা,দৰং জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি বাবুল মকছেদ আহমেদ, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ সাধাৰণ সম্পাদক আমজেদ হুছেইন,সদৌ অসম চুন্নী মাদ্ৰাছা শিক্ষা পৰিষদৰ সচিব ফাইজুৰ ৰহমান চহৰীয়াকে ধৰি বিভিন্ন দ'ল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

মঙলদৈৰ পৰা তবিবুল্লা হকৰ ৰিপ'ৰ্ট